১০ শতাংশ জনসংখ্যা বৃদ্ধি পালেই অসম অন্তৰ্ভুক্ত হ’ব বাংলাদেশত! অবৈধ অনুপ্ৰৱেশক লৈ মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী
অবৈধ অনুপ্ৰৱেশে অসমৰ জনগাঁথনিত প্ৰভাৱ পেলোৱা বুলি এক সতৰ্কবাণী জাৰি কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে যদিহে ৰাজ্যখনত বাংলাদেশী মূলৰ বাসিন্দাৰ সংখ্যা আৰু ১০ শতাংশ বৃদ্ধি পায় তেন্তে অসম চুবুৰীয়া দেশখনত (বাংলাদেশ) “স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্ত” হ’ব পাৰে।
বাংলাদেশী অনুপ্ৰৱেশকাৰী সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হ’ল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে অসমৰ বৰ্তমান জনসংখ্যাৰ ৪০ শতাংশ হৈছে বাংলাদেশী। যদি আৰু ১০ শতাংশ বৃদ্ধি পায়, তেন্তে অসমৰ বাবে সংকটৰ সৃষ্টি হ’ব।
অবৈধ অনুপ্ৰৱেশে অসমৰ জনগাঁথনিত প্ৰভাৱ পেলোৱা বুলি এক সতৰ্কবাণী জাৰি কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে যদিহে ৰাজ্যখনত বাংলাদেশী মূলৰ বাসিন্দাৰ সংখ্যা আৰু ১০ শতাংশ বৃদ্ধি পায় তেন্তে অসম চুবুৰীয়া দেশখনত (বাংলাদেশ) “স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্ত” হ’ব পাৰে।
উজনি অসমত এক আনুষ্ঠানিক কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে এই বিষয়টো বিগত পাঁচ বছৰ ধৰি কেন্দ্ৰীয় চিন্তাৰ বিষয় হৈ আহিছে। তেওঁ দাবী কৰে যে বৰ্তমান অসমৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ বাংলাদেশী মূলৰ লোকে গঠন কৰিছে আৰু যিকোনো বৃদ্ধিয়ে ৰাজ্যখনৰ ওপৰত গুৰুতৰ ৰাজনৈতিক আৰু ভূখণ্ডৰ প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ সকীয়াই দিয়ে।
“অসমত জনসংখ্যাৰ ৪০ শতাংশ বাংলাদেশী মূলৰ লোক। যদি ই আৰু ১০ শতাংশ বৃদ্ধি পায় তেন্তে আমি স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্ত হ’ম। সেইবাবেই মই এই বিষয়টোক লৈ যোৱা পাঁচ বছৰ ধৰি চিঞৰি আহিছোঁ।” বাংলাদেশৰ এজন ৰাজনৈতিক নেতাই শেহতীয়াকৈ কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
বাংলাদেশৰ নৱগঠিত নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনত আব্দুল্লাই চলিত মাহৰ আৰম্ভণিতে দিয়া বিতৰ্কিত বক্তব্যৰ পটভূমিত শৰ্মাই এই মন্তব্য কৰে। খবৰ অনুসৰি আব্দুল্লাই কয় যে নতুন দিল্লীয়ে বাংলাদেশক অস্থিৰ কৰাৰ চেষ্টা কৰিলে ঢাকাই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক “বিচ্ছিন্ন” কৰি অঞ্চলটোৰ বিচ্ছিন্নতাবাদী উপাদানসমূহক সমৰ্থন কৰিব লাগে।
এন চি পিৰ নেতাগৰাকীয়ে আৰু দাবী কৰিছিল যে উত্তৰ-পূবৰ ৰাজ্যসমূহ ভাৰতৰ মূল ভূখণ্ডৰ সৈতে অঞ্চলটোক সংযোগ কৰা ‘চিকেন’ছ নেক’ নামেৰে জনাজাত সংকীৰ্ণ শিলিগুৰি কৰিড’ৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ভৌগোলিকভাৱে “দুৰ্বল”।
অবৈধ অনুপ্ৰৱেশৰ দ্বাৰা পৰিচালিত জনগাঁথনিগত পৰিৱৰ্তনক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, পৰিচয় আৰু ৰাজনৈতিক স্থিতিশীলতাৰ উদ্বেগৰ সৈতে বাৰে বাৰে সংযোগ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ভূখণ্ডীয় আৰু সাংবিধানিক অখণ্ডতা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰে।