শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এনআৰচি প্ৰকাশ পোৱাৰ পাছতে অসমত হ’ব SIR, SR ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

অসমত NRC আনুষ্ঠানিকভাৱে প্ৰকাশ নোপোৱাৰ বাবে SIR প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে আৰম্ভ কৰা হৈছে SR(Special Summary Revision)।

এনআৰচি প্ৰকাশ পোৱাৰ পাছতে অসমত হ’ব SIR, SR ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
manas-borah
Manas Borah | Updated On: 18 Nov 2025 19:17 PM

আজিৰে পৰা অসমত আৰম্ভ হ’ল ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া(SR)। সাংবাদিকৰ আগত এইলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অসমত NRC আনুষ্ঠানিকভাৱে প্ৰকাশ নোপোৱাৰ বাবে SIR প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে আৰম্ভ কৰা হৈছে SR(Special Summary Revision)।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমত SIR কৰিব পৰা নাই, কাৰণ NRC খন ঘোষণা কৰা হোৱা নাই। অহা বছৰ মাজভাগত NRC খন আনুষ্ঠানিকভাৱে প্ৰকাশ পাব। তেতিয়া অসমত SIR হ’ব।”

লগতে তেওঁ কয় যে,অসমত বহু মৃত ব্যক্তি, বিয়া হোৱা ছোৱালী, সৰু ল’ৰাৰ দৰে বহু অযোগ্য ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে। এইবাৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। য’ত BLO য়ে প্ৰত্যেক ঘৰলৈ যাব লাগিব আৰু তেওঁলোকে ৰেজিষ্টাৰ অনুসৰি, প্ৰত্যেক ঘৰৰ মানুহৰ নাম, ঠিকনা, মৃত ব্যক্তি আদি সকলো তথ্য সংগ্ৰহ কৰিব লাগিব। মুখ্যমন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে যে, ইয়াৰ দ্বাৰা ৰাজ্যই এখন আপেক্ষিকভাৱে শুদ্ধ ভোটাৰ তালিকা পাবলৈ সক্ষম হ’ব।

এই প্ৰক্ৰিয়াত নাগৰিকত্ব চোৱা নহয়। কিন্তু SIR কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষা কৰা হয়। SR সম্পন্ন কৰাৰ পাছতে SIR কৰিলে অসমে ভাল ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, আজিৰে পৰা অসমত আৰম্ভ হৈছে ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া(SR)। ১ জানুৱাৰী, ২০২৬ ৰ ভিত্তিত পুনৰীক্ষণ কৰা হ’ব ভোটাৰ তালিকা। ১৮ বছৰ হোৱা তথা যোগ্য ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত হ’ব।

লগতে পঢ়ক: অসমত কেনেদৰে সম্পন্ন হ’ব ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া? মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল