শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় অসমত স্থাপন কৰিবলৈ কেন্দ্ৰক অনুৰোধ পীযুষ হাজৰিকাৰ

অসমত দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন কৰিবৰ বাবে কেন্দ্ৰক অনুৰোধ জনাইছে ৰাজ্য চৰকাৰে । অসম চৰকাৰৰ হৈ এই অনুৰোধ জনাইছে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই।

ভাৰতৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় অসমত স্থাপন কৰিবলৈ কেন্দ্ৰক অনুৰোধ পীযুষ হাজৰিকাৰ
কেন্দ্ৰীয় মন্ত্ৰীক পীযুষ হাজৰিকাৰ সাক্ষাৎ
Manas Borah
Manas Borah | Published: 09 Feb 2025 18:28 PM

ভাৰতৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় অসমত স্থাপন কৰিবৰ বাবে কেন্দ্ৰক অনুৰোধ জনাইছে ৰাজ্য চৰকাৰে । অসম চৰকাৰৰ হৈ এই অনুৰোধ জনাইছে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। শনিবাৰে অসমৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰক এই অনুৰোধ জনায়।

মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে জানিবলৈ দিছে যে,”আজি কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰক নতুন দিল্লীত সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। বৈঠকৰ সময়ত আমাৰ দূৰদৰ্শী নেতা প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰক মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে ভাৰতৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় অসমত প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰিবলৈ অনুৰোধ জনাও ।”

পীযুষ হাজৰিকাই লগতে কয় যে, ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে এই প্ৰতিষ্ঠানটোৱে শিক্ষা, দক্ষতা বিকাশৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলক সৱলীকৰণ কৰিব । লগতে জাতি-নিৰ্মাণ আৰু সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ অনুৰোধ গুৰুত্ব সহকাৰে লোৱা বুলিও উল্লেখ কৰিছে পীযুষ হাজৰিকাই ।

প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় আঁচনিৰ কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ প্ৰথমন বৈঠকত অংশগ্ৰহণ কৰে পীযুষ হাজৰিকাই । এই বৈঠকত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীক অসম তথা উত্তৰ-পূব অঞ্চলৰ বাবে PM-AJAYৰ অধীনত হোষ্টেল স্থাপনৰ বাবেও অনুৰোধ জনাই বুলি এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে ।