দিছপুৰত বহি উন্নয়নৰ নামত কোটি কোটি টকা লুণ্ঠন বিজেপি নেতাৰ, গ্ৰেপ্তাৰ ২
Assam Secretariat fraud case: চৰকাৰৰ বৰঘৰত প্ৰৱঞ্চনাৰ জাল পেলাই গ্ৰেপ্তাৰ ২ বিজেপি নেতা। ভুৱা ৱাৰ্ক অৰ্ডাৰ জাৰি কৰি কোটি কোটি টকা লুণ্ঠন কৰা প্ৰৱঞ্চকৰ এই গেঙটোত আছে বহুকেইগৰাকী বিষয়া।
শূণ্য সহনশীলতাৰ শ্লোগান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ একাংশ নেতাই এতিয়া নামি পৰিছে দুৰ্নীতিত। চৰকাৰৰ বৰঘৰত থাকি এনে নেতাসকলে প্ৰৱঞ্চনাৰ বৃহৎ জাল পেলাই লুটিছে কোটি কোটি টকা। প্ৰৱঞ্চনাৰ ক্ষেত্ৰত শেহতীয়াকৈ পোহৰলৈ অহা এনে এক ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই প্ৰৱঞ্চকৰ দলটোৱে দিছপুৰ সচিবালয়তে প্ৰৱঞ্চনাৰ এখন বৃহৎ জাল পেলোৱাৰ তথ্য পোহৰলৈ আহিছে।
দিছপুৰত পেলোৱা এই প্ৰৱঞ্চনাৰ জালৰ মাষ্টাৰ মাইণ্ড খোদ এগৰাকী বিজেপি নেতা। অসীম দাস নামৰ এইগৰাকী বিজেপি নেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অপৰাধ শাখাই। অসীম দাস বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁৰ লগতে অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীক। প্ৰৱঞ্চকৰ এই গেঙটোত আৰু বহুলোক জড়িত হৈ আছে যদিও আনসকল বৰ্তমান পলাতক অৱস্থাত আছে।
অভিযোগ অনুসৰি, এই গেঙটোৱে উন্নয়নৰ নামত ভুৱা ৱাৰ্ক অৰ্ডাৰ উলিয়াই ব্যৱসায়ীক প্ৰতাৰণা কৰি আহিছিল। অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত জি আৰ সামগ্ৰী যোগান ধৰাৰ ভুৱা ৱাৰ্ক অৰ্ডাৰ জাৰি কৰি বাংগালুৰুৰ মানফো এক্সপৰ্টছ কোম্পানীৰ নামত আৰু নয়দাৰ পৰা প্ৰন্টিয়াছ আই টি প্ৰাইভেট লিমিটেডৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিছিল।
ইয়াৰ পাছতে আদিবাসী উন্নয়ন পৰিষদ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অন্যান্য উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই কোটি কোটি টকা লুণ্ঠন কৰাৰ বিৰুদ্ধে দিছপুৰ থানাত 182/2024 নং গোচৰ আৰু অপৰাধ শাখাত 13/2024 নম্বৰত দুটাকৈ গোচৰ ৰুজু হৈছিল।
দিছপুৰ থানাত ৰুজু হোৱা গোচৰ অনুসৰি প্ৰৱঞ্চকৰ এই গেঙটোৱে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত জি আৰ সামগ্ৰী যোগান ধৰাৰ ভুৱা ৱাৰ্ক অৰ্ডাৰ জাৰি কৰি বাংগালুৰুৰ মানফো এক্সপৰ্টছ কোম্পানীৰ নামত ৩.৭৭ কোটি টকা সৰকাইছিল। ইয়াৰ বিপৰীতে অপৰাধ শাখাত ৰুজু হোৱা গোচৰ অনুসৰি অসীম দাল,অমিত জালালি, জাকিৰ হুচেইন, বি এন শৰ্মা, দেৱ প্ৰকাশ ভাগৱতী আৰু কেইবাজনলোকে ভুৱা ৱাৰ্ক অৰ্ডাৰ জাৰি কৰি নয়দাৰ পৰা প্ৰন্টিয়াছ আই টি প্ৰাইভেট লিমিটেডৰ নামত প্ৰায় ৪ কোটি টকাৰ লুণ্ঠন কৰিছিল। জানিব পৰা মতে এই গেঙটোৱে ২৫০ কোটিৰো অধিক টকা আত্মসাৎ কৰিছিল।
ইমানেই নহয়, এইসকলে অসম সচিবালয়ৰ কনফাৰেন্স হলত এজন ভুৱা যুটীয়া সচিবৰ সৈতে বৈঠক অনুষ্ঠিত কৰি প্ৰৱঞ্চিত কোম্পানীটোৰ ব্যক্তিসকলৰ আগত বিভিন্ন নথি পত্ৰত স্বাক্ষৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি বৰকটকীয়ে বি এন শৰ্মা বুলি এচিএছ হিচাপে ভুৱা নাম ব্যৱহাৰ কৰি ভুৱা যুটীয়া সচিবৰ স্বাক্ষৰ কৰিছিল।
এই ঘটনাৰ মাষ্টাৰ মাইণ্ড অসীম দাস বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত এখন ফটো ভাইৰেল হৈছে য’ত তেওঁলোকে স্বাক্ষৰ কৰা দেখা গৈছে। জানিব পৰা মতে মন্ত্ৰী- বিধায়কে বহা কোঠাৰ কাষতে আছে এই কনফাৰেন্স হলতো। মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আদিৰ নাকৰ তলেদি এই সমগ্ৰ কাণ্ড কৰিছিল গেঙটোয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া তদন্ত অব্যাহত আছে।