শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এপ্ৰিলত হ’ব খালী, অসমৰ তিনিওখন ৰাজ্যসভাৰ আসনতে প্ৰাৰ্থী দিব শাসকীয় মিত্ৰজোঁটে, মুখ্যমন্ত্ৰীৰ ঘোষণা…

খালী হ’বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এপ্ৰিলত হ’ব খালী, অসমৰ তিনিওখন ৰাজ্যসভাৰ আসনতে প্ৰাৰ্থী দিব শাসকীয় মিত্ৰজোঁটে, মুখ্যমন্ত্ৰীৰ ঘোষণা…
Manas Borah
Manas Borah | Updated On: 10 Jan 2026 13:30 PM

চলিত বৰ্ষৰ এপ্ৰিল মাহত খালী হ’বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দাবী কৰিছে যে, তেওঁলোকৰ প্ৰাৰ্থীয়ে দুখন আসন লাভ কৰাটো নিশ্চিত, আনহাতে তৃতীয়খন আসনও তেওঁলোকৰ ভাগ্যত পৰিব পাৰে।

উল্লেখ্য যে, ৰাজ্যসভাৰ এই তিনিখন আসনৰ ভিতৰত দুখন বিজেপিৰ হাতত থকাৰ বিপৰীতে এখন আসনত আছে নিদলীয় সাংসদ। দুখনত বিজেপিৰ দুই সাংসদ ভুৱনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলী আৰু আনখন আসনত বহি আছে নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞা। এই তিনিওজন সাংসদৰ কাৰ্যকাল শেষ হ’ব এপ্ৰিলত। ইয়াৰ লগে লগে অনুষ্ঠিত হ’ব ৰাজ্য়সভাৰ নিৰ্বাচন।

শুকুৰবাৰে সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে. বিজেপি, অগপ আৰু আমাৰ সংযুক্ত ফ্ৰণ্টে তিনিওখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। তেওঁ লগতে কয় যে, আমি নিশ্চিতভাৱে দুখন আসনত জয়ী হ’ম। তৃতীয়খন আসনত আমি জয়ী হ’ব পাৰো বা পৰাস্ত হ’ব পাৰো।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, বিজেপি আৰু মিত্ৰশক্তিয়ে যোৱাবাৰ ভূঞাৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে, অজিত কুমাৰ ভূঞা “নিৰপেক্ষ আৰু ভাল কাম কৰিব”। সাংসদ অজিত কুমাৰ ভূঞাই পুঁজিৰ ব্যৱহাৰক লৈ উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে,”কিন্তু তেওঁ নিজৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে কি কৰিলে সেয়া আমি সকলোৱে জানো।”

বৰ্তমানৰ অসম বিধানসভাত বিজেপিৰ সদস্যৰ সংখ্যা ৬৪ গৰাকীৰ বিপৰীতে মিত্ৰ দল অগপ, ইউপিপিএল, বিপিএফত ক্ৰমে ৯,৭, আৰু ৩ জন বিধায়ক আছে। বিৰোধী দলত কংগ্ৰেছৰ ২৬ জন, এ আই ইউ ডি এফৰ ১৫ জন, চি পি আই (এম)ৰ এজন সদস্য আছে। লগতে আছে এজন নিৰ্দলীয় বিধায়ক।