দুবছৰ কাৰাদণ্ড, ১.৫০ লাখ টকা পৰ্যন্ত জৰিমনা ! বহুবিবাহ নিষেধাজ্ঞা বিধেয়কত চৰকাৰে কি কি প্ৰস্তাৱ দিছে ?

বিধেয়কখন উত্থাপন কৰাৰ মূল লক্ষ্য হৈছে, ৰাজ্যত বহুবিবাহ আৰু বহুবিবাহৰ প্ৰথা নিষিদ্ধ আৰু নিৰ্মূল কৰা। অৱশ্যে ষষ্ঠ অনুসূচীৰ এলেকাত আৰু কোনো এছ টিৰ সদস্যৰ ক্ষেত্ৰত বিধেয়কখনৰ বিধান প্ৰযোজ্য নহ’ব।

দুবছৰ কাৰাদণ্ড, ১.৫০ লাখ টকা পৰ্যন্ত জৰিমনা ! বহুবিবাহ নিষেধাজ্ঞা বিধেয়কত চৰকাৰে কি কি প্ৰস্তাৱ দিছে ?
Updated On: 

25 Nov 2025 21:21 PM

অসমত বহু বিবাহ বন্ধ কৰাৰ বাবে ২৫ নৱেম্বৰ, ২০২৫ মঙলবাৰে বিধানসভাত উত্থাপন কৰা হ’ল ‘অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক, ২০২৫’। এই নিষেধাজ্ঞাৰ ষষ্ঠ অনুসূচীৰ এলেকা- বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি), কাৰ্বি আংলং, আৰু ডিমা হাছাওত প্ৰযোজ্য নহয়। ইতিমধ্যে এই প্ৰস্তাৱ বিধানসভাত দিয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিধানসভাত বহুবিবাহ নিষিদ্ধকৰণৰ বিধেয়ক দাখিল কৰে।

উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হৈ পাঁচদিনীয় অসম বিধানসভা শীতকালীন অধিৱেশন। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অনুমতি সাপেক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক, ২০২৫’ সদনত উত্থাপন কৰে। জুবিন গাৰ্গৰ মৃত্যুক লৈ আলোচনাৰ অন্তত ৱাকআউট কৰা বিৰোধী কংগ্ৰেছ, চি পি আই (এম) আৰু ৰাইজৰ দলৰ বিধায়কৰ অনুপস্থিতিত বিধেয়কখন বিধানসভাত উত্থাপন কৰা হয়।

উল্লেখ্য যে, বিধেয়কখন উত্থাপন কৰাৰ মূল লক্ষ্য হৈছে, ৰাজ্যত বহুবিবাহ আৰু বহুবিবাহৰ প্ৰথা নিষিদ্ধ আৰু নিৰ্মূল কৰা। অৱশ্যে ষষ্ঠ অনুসূচীৰ এলেকাত আৰু কোনো এছ টিৰ সদস্যৰ ক্ষেত্ৰত বিধেয়কখনৰ বিধান প্ৰযোজ্য নহ’ব।

বিধেয়কখনত কোৱা হৈছে যে, যেতিয়া কোনো এজনৰ ইতিমধ্যে জীৱিত পত্নী আছে যাৰ পৰা তেওঁৰ আইনগত বিবাহ বিচ্ছেদ হোৱা নাই বা তেওঁলোকৰ বিবাহ আইনগতভাৱে বাতিল ঘোষণা কৰা নহয়, তেতিয়া আন এজন ব্যক্তিৰ সৈতে বিবাহ বা বিবাহপাশত আবদ্ধ হ’ব নোৱাৰিব।

বহু বিবাহ কৰিলে কি কি শাস্তি হ’ব পাৰে ?

বিধেয়খনত প্ৰস্তাৱ কৰা হৈছে যে, বহুবিবাহৰ বাবে যোৱা যিকোনো ব্যক্তিক আইনে নিৰ্ধাৰণ কৰা অনুসৰি সাত বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ’ব পাৰে।

যিকোনো ব্যক্তিয়ে বৰ্তমানৰ বিবাহ লুকুৱাই ৰাখি পুনৰ বিয়া কৰালে ১০ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা ভৰিব লাগিব।

প্ৰস্তাৱিত আইনখনৰ অধীনত পুনৰ এই অপৰাধ কৰা অপৰাধীক পৰৱৰ্তী প্ৰতিটো অপৰাধৰ বাবে নিৰ্ধাৰিত শাস্তিতকৈ দুগুণ শাস্তি প্ৰদান কৰা হ’ব বুলি বিধেয়কখনত প্ৰস্তাৱ কৰা হৈছে।

গাঁও প্ৰধান, পিতৃ-মাতৃ বা আইনী অভিভাৱকে অসৎভাৱে তথ্য লুকুৱাই ৰাখিলে বা ইচ্ছাকৃতভাৱে বহুবিবাহ পৰিচালনাত অংশগ্ৰহণ কৰিলে দুবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

যিকোনো ব্যক্তিয়ে জানি-বুজি প্ৰস্তাৱিত আইন উলংঘা কৰি বিবাহ সম্পন্ন কৰিলে দুবছৰ পৰ্যন্ত কাৰাদণ্ড বা ১.৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

বিধেয়কখনত আৰু প্ৰস্তাৱ কৰা হৈছে যে, যিজন ব্যক্তিয়ে বহুবিবাহ কৰে আৰু আদালতে এই নতুন আইনখনৰ অধীনত দোষী সাব্যস্ত কৰে, তেওঁ কোনো ৰাজহুৱা নিয়োগ আৰু চৰকাৰী নিযুক্তিৰ অধিকাৰী নহ’ব।

তদুপৰি ব্যক্তিজন ৰাজ্য চৰকাৰৰ পুঁজিৰে বা সাহায্যপ্ৰাপ্ত কোনো আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰে, লগতে পঞ্চায়ত, পৌৰ নিগৰ আদিৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

বহুবিবাহৰ বাবে কষ্টৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবে ভুক্তভোগী মহিলাসকলক ক্ষতিপূৰণ প্ৰদান কৰিব বুলি প্ৰস্তাৱিত আইনখনত কোৱা হৈছে।

আপোনাৰো আছে নেকি উচ্চ ৰক্তচাপৰ সমস্যা? পুৱা গঢ়ি তোলক এনে অভ্যাস, পাব সকাহ
প্ৰতিদিনে ৰাতিপুৱা এমুঠি তিয়াই থোৱা বুট খালে কি কি উপকাৰ হয়? জানক...
শীতকালত মাইগ্ৰেইনৰ পৰা কেনেকৈ বাছি থাকিব ? ৭ টা টিপছ...
কঠোৰ খাদ্যাভ্যাসৰ নাই প্ৰয়োজন ! এই ৫ টা অভ্যাসে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব
জুবিন গাৰ্গৰ গীতক লৈ বিধানসভাত বিতৰ্ক...
জুবিন গাৰ্গক হত্যা কৰা হৈছিল: মুখ্যমন্ত্ৰী
বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ...
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ সূৰ্য কান্তৰ