5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জাটিংগা-হাৰংগাজাওৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা, বৰষুণৰ বাবে এই সিদ্ধান্ত অসম আৰক্ষীৰ

জাতিংগাৰ পৰা হাৰাংগাজাওৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ সামন্তৰালভাৱে বৰাক উপত্যকালৈ অহা-যোৱা কৰা যান-বাহনসমূহে পৰৱৰ্তী জাননী লাভ নকৰালৈকে মেঘালয় (ৰাষ্ট্ৰীয় ঘাইপথ- ৬) হৈ বিকল্প পথটো যাতায়তৰ বাবে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীয়ে ।

জাটিংগা-হাৰংগাজাওৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা, বৰষুণৰ বাবে এই সিদ্ধান্ত অসম আৰক্ষীৰ
manas-borah
Manas Borah | Updated On: 04 Sep 2024 12:10 PM

ডিমা হাছাও জিলাৰ অন্তৰ্গত জাতিংগাৰ পৰা হাৰাংগাজাওৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ সামন্তৰালভাৱে বৰাক উপত্যকালৈ অহা-যোৱা কৰা যান-বাহনসমূহে পৰৱৰ্তী জাননী লাভ নকৰালৈকে মেঘালয় (ৰাষ্ট্ৰীয় ঘাইপথ- ৬) হৈ বিকল্প পথটো যাতায়তৰ বাবে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীয়ে । সম্প্ৰতি সঘনাই হৈ থকা বৰষুণ,ভূমি/পথসমূহ জলমগ্ন হোৱা আৰু পথনিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

কোনবোৰ বাহন চলাচল কৰিব নোৱাৰিব

অসম আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি উল্লেখ কৰৈ হৈছে যে, সঘনাই বৰষুণ হোৱা, পথসমূহ জলমগ্ন হোৱা আৰু চলি থকা পথনিৰ্মাণ কাৰ্যৰ বাবে ১২ চকীয়া বা তাতকৈ অধিক চকা থকা গধুৰ বাহন আৰু ২৪ ফুটৰ ওপৰৰ দীঘল ট্ৰাক বা ট্ৰেইলাৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছে । অসম আৰক্ষীয়ে উল্লেখ কৰিছে যে, ” জাটিংগাৰ পৰা হাৰংগাজাওৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দীঘল ট্ৰাক বা ট্ৰেইলাৰকে ধৰি ১২ চকীয়া বা তাতকৈ অধিক চকা থকা গধুৰ বাণিজ্যিক বাহন চলাচলত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে।”

কোনটো বিকল্প পথেৰে বৰাক উপত্যকালৈ যাব পাৰিব

উল্লেখ্য যে, এই সন্দৰ্ভত আৰক্ষীয়ে নিৰ্দেশ দিছে, এই নিৰ্দেশাৱলী আওতাত পৰা বাহন সমূহে বৰাক উপত্যকালৈ যাবলৈ মেঘালয়ৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে । অসম আৰক্ষীয়ে পৰৱৰ্তী জাননী নিদিয়ালৈকে বাহন সমূহে এই নিৰ্দেশ মানি চলিব লাগিব । বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

Latest News