শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ জালত ভুৱা আলফাঃ ৫ লাখ টকা দাবী কৰি হ’ল ৰঙাঘৰৰ আলহী

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। প্ৰশাসনৰ এনে সক্ৰিয়তাৰ মাজতে শুকুৰবাৰে নিশা অসম আৰক্ষীৰ জালত পৰিছে এক ভুৱা আলফা।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ জালত ভুৱা আলফাঃ ৫ লাখ টকা দাবী কৰি হ’ল ৰঙাঘৰৰ আলহী
আৰক্ষীৰ জালত ভুৱা আলফা
monjit-dutta
Monjit Dutta | Published: 09 Aug 2025 10:47 AM

অহা ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। সেই উপলক্ষে সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দেশৰ লগতে অসমতো স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীও মকৰল কৰা হৈছে। প্ৰশাসনৰ এনে সক্ৰিয়তাৰ মাজতে শুকুৰবাৰে নিশা অসম আৰক্ষীৰ জালত পৰিছে এক ভুৱা আলফা।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে নুনমাটি আৰক্ষীয়ে নলবাৰীৰ বৰামাৰ পৰা গ্ৰেপ্তাৰ কৰে ভুৱা আলফাজনক। আৰক্ষীয়ে সদৰী কৰা মতে ধৃত এই ভুৱা আলফাজনৰ নাম সুমটো ব্ৰহ্ম (৩০)। ধৃত এই সুমটো ব্ৰহ্ম নামৰ লোকজনে নিজকে আলফা কেদাৰ বুলি চিনাকি দি ৰাহুল দাস নামৰ এজন লোকৰ পৰা পাঁচ লাখ টকা দাবী কৰিছিল বুলি প্ৰকাশ পাইছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বিগত ১ আগষ্টত সুমটো ব্ৰহ্মই ফোন যোগে ৰাহুল দাসৰ পৰা এই ধনখিনি দাবী কৰিছিল। ইয়াৰ পিছতে ভুক্তভোগী ৰাহুল দাস নুনমাটি আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

শুকুৰবাৰে নুনমাটি আৰক্ষী থানাৰ উপ-পৰিদর্শক আব্দুল মমীনৰ নেতৃত্বত এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সুমটো ব্ৰহ্ম নামৰ এই ভুৱা আলফাজনক। জানিব পৰা মতে আৰক্ষীৰ এই অভিযানৰ সময়তে ধৃত সুমটো ব্ৰহ্মই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি পলয়নৰো চেষ্টা কৰিছিল।

সম্প্ৰতি ধৃত সুমটো ব্ৰহ্মক নুনমাটি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিংঙে (আইন শৃংখলা) কালি দিনৰ ভাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি উগ্ৰপন্থী সংগঠনৰ সম্ভাৱ্য কুটাঘাত প্ৰতিৰোধৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে অসম আৰক্ষী সষ্টম হৈ থকা বুলি উল্লেখ কৰিছিল।

ৰাজ্যৰ সকলো প্ৰান্ততে জোৰদাৰভাৱে নাকা চেকিং চলোৱা হৈছে বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে লগতে অসমৰ সুনাম নষ্ট নকৰিবলৈ সকলোকে আহ্বান জনায় অসমৰ এই সুনাম বৰ্তাই ৰাখিবলৈ সাধাৰণ ৰাইজৰ লগতে সকলো সংগঠনক আহ্বান জনায় অখিলেশ কুমাৰ সিংঙে