সোণাৰি থানাত RTI কৰ্মী দুলাল বৰাক জেৰা! আজি হাজিৰ কৰোৱা হ’ব আদালতত
সোণাৰি থানাত বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক চলোৱা হৈছে জেৰা৷ দুলাল বৰাক মাৰাথন জেৰা শীৰ্ষ আৰক্ষী বিষয়াৰ৷ আজি আদালতত হাজিৰ কৰোৱাৰ পাছত বৰাক ৭ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে৷ দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছিল বৰা৷
 
                                দিল্লীৰ পৰা অসমলৈ অনা হৈছে RTI কৰ্মী দুলাল বৰাক। সোণাৰি থানাত বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক চলোৱা হৈছে জেৰা৷ দুলাল বৰাক মাৰাথন জেৰা শীৰ্ষ আৰক্ষী বিষয়াৰ৷ আজি আদালতত হাজিৰ কৰোৱাৰ পাছত বৰাক ৭ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে৷ দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছিল বৰা৷
বৃহস্পতিবাৰে পুৱা দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা ট্ৰেনজিত জিম্মালৈ অসমলৈ অনা হৈছে দুলাল বৰাক।পুৱা ৬.৩০ বজাত অসম আৰক্ষীৰ ৩ জনীয়া দল এটাই বৰাক ইণ্ডিগ’ বিমানেৰে ডিব্ৰুগড়লৈ আনে। আৰ টি আইৰ উপৰিও নিউজ প’ৰ্টেল খুলি দালালিৰ এখন বৃহৎ বজাৰ মেলা দুলাল বৰাক লৈ গুৱাহাটীত উপস্থিত হয় অসম আৰক্ষীৰ দল। দুলালৰ দালালিৰ বাবেই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বিজেপি নেতা দেৱজিৎ হাজৰিকাই।
উল্লেখ্য যে ২০ ছেপ্টেম্বৰৰ পুৱা সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃতদেহ। অভিযোগ অনুসৰি পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰি তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজেপি নেতাগৰাকীৰ ওচৰৰ পৰা আৰক্ষীয়ে এখন চুইচাইড নোট উদ্ধাৰ কৰিছিল য’ত কেইবাগৰাকী সাংবাদিকৰ নাম উল্লেখ আছিল।
এই সাংবাদিকসকলৰ পৃষ্ঠপোষক আছিল দুলাল বৰা। তথ্য অনুসৰি চিআইডিৰ ওচৰত দুলাল বৰাৰ বিৰুদ্ধে প্ৰায় ৩১টা গোচৰ ৰুজু হৈ আছে। আৰ টি আইক অস্ত্ৰ হিচাপে লৈ এইগৰাকী দুলাল বৰাই বিভিন্নজনক ব্লেকমেইল কৰি আহি টকা ঘটি আহিছে। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ লগতো একেই কাম কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঞ্জিত বুঢ়াগোহাঁই আৰু পৰিস্মিতা ফুকন। ৰঞ্জিত বুঢ়াগোহাঁই অৱসৰপ্ৰাপ্ত BDO হোৱাৰ লগতে পৰিস্মিতা ফুকন এটা প’ৰ্টেলৰ সাংবাদিক। এই গোচৰৰ আন এক অভিযুক্ত সাংবাদিক ৰফিক আহমেদ। নিউজ চেনেলত কৰ্মৰত ৰফিক আহমেদ অন্তৰ্ৱৰ্তীকালীন জামিনত বৰ্তমান মুকলি আকাশৰ তলত আছে।
তথ্য জনাৰ অধিকাৰ আইনৰ দুৰ্ব্যৱহাৰ কৰি দুলাল বৰাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মেলিছিল দালালিৰ বজাৰ।এনে দালালিৰ জৰিয়তেই গঢ়িছিল সম্পত্তিৰ পাহাৰ। ৰাজ্যৰ কেইবাটাও স্থানত থকা দুলাল বৰাৰ সম্পত্তিত আৰক্ষীয়ে অভিযান চলাব। ইফালে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষেও দুলাল বৰাক গ্ৰেপ্তাৰ কৰাৰো সম্ভাৱনা আছে। মহা প্ৰৱঞ্চক মৃদুপৱন নাথৰ সৈতে দুলাল বৰাৰ আছে অতি ঘনিষ্ঠ সম্পৰ্ক। দুলাল বৰাৰ নিউজ প’ৰ্টেলত বিনিয়োগ কৰিছিল মৃদুপৱন নাথে। জানিব পৰা মতে দুলাল বৰাক লৈ বিভিন্ন স্থানত অভিযান চলাব। দুলাল বৰাৰ ঘৰৰ উপৰিও দালালিৰ বজাৰ মেলিবলৈ ব্যৱহাৰ কৰা নিউজ প’ৰ্টেলকে ধৰি একাধিক স্থানত চলিব এই অভিযান।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      