Assam: পুনৰ চলিল অসম আৰক্ষীৰ গুলী! শিৱসাগৰত লাডেনক এনকাউন্টাৰ…
Assam: পুনৰ চলিল আৰক্ষীৰ গুলী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই লাডেন নামৰ অভিযুক্তৰ ওপৰত গুলী চালনা কৰে অসম আৰক্ষীয়ে।
পুনৰ চলিল অসম আৰক্ষীৰ গুলী। আৰক্ষীৰ জালৰ পৰা পলাবলৈ চেষ্টা কৰোতেই এজন অভিযুক্তৰ ওপৰত গুলী চলাই আৰক্ষীয়ে । গুলীচালনাৰ ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা অভিযুক্তক পৰৱৰ্তী সময়ত হাস্পাতালত ভৰ্তি কৰোৱা হয়। শিৱসাগৰৰ বকতাত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা।
ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে নিশা শিৱসাগৰৰ বকতাত অসম আৰক্ষীয়ে এনকাউন্টাৰ কৰে। বকতাৰ নেমুগুৰিত ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউন্টাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে ৰাহুল হাজৰিকা নামৰ যুৱকজন আলফাৰ প্ৰাক্তন সদস্য। ৰাহুল হাজৰিকাক ৰিতুল ওৰফে লাডেন বুলিও জনা যায়। এই যুৱকজনৰ ঘৰ মৰাণত।
কালি নিশা কোনো বিষয়ত সোধা- পোচাৰ বাবে আৰক্ষীৰলোকে এই অভিযুক্তজনক শিৱসাগৰৰ বকতা অভিমুখে লৈ গৈ আছিল। তেনে সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে ৰাহুল ওৰফে ৰিতুল ওৰফে লাডেনে। সূত্ৰ অনুসৰি জানিব পৰা মতে অভিযুক্তই পলাবল চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল আৰু পাছত এনকাউন্টাৰ কৰে। ৰাহুলৰ ভৰিত গুলী লগাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু নিশাই চিকিৎসাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰে। চিকিৎসাৰ বাবে ৰাহুলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে কি গোচৰত ৰাহুল আৰক্ষীৰ জিম্মাত আছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।