সামাজিক মাধ্যমত শেনচকু অসম আৰক্ষীৰ, দিল্লী বিস্ফোৰণ সন্দৰ্ভত পোষ্ট দি ৰঙাঘৰলৈ নবী হুছেইন
আজি পুনৰ দিল্লীৰ বোমা বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত ফেচবুক পোষ্ট দি ৰঙা ঘৰৰ আলহী হৈছে এগৰাকী ব্যক্তি। বজালী জিলাত আৰক্ষীৰ জালত পৰিছে এই লোকজন। ফেচবুকত বিতৰ্কিত পোষ্ট কৰাৰ অভিযোগত মছজিদৰ পৰাই আৰক্ষীয়ে আটক কৰে এই ব্যক্তিজনক।
যোৱা ১০ নৱেম্বৰত দিল্লীৰ লাল কিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সম্প্ৰতি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী তথা তদন্তকাৰী সংস্থাসমূহে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইফালে অসমতো দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সংক্ৰান্তত সামাজিক মাধ্যমত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে আৰু দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে।
আজি পুনৰ দিল্লীৰ বোমা বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত ফেচবুক পোষ্ট দি ৰঙা ঘৰৰ আলহী হৈছে এগৰাকী ব্যক্তি। বজালী জিলাত আৰক্ষীৰ জালত পৰিছে এই লোকজন। সূত্ৰ মতে, ফেচবুকত বিতৰ্কিত পোষ্ট কৰাৰ অভিযোগত মছজিদৰ পৰাই আৰক্ষীয়ে আটক কৰে এই ব্যক্তিজনক।
ধৃত লোকজনক নবী হুছেইন বুলি চিনাক্ত কৰা হৈছে। বৰপেটা ৰোডৰ এই সন্দেহজনক ব্যক্তিগৰাকীয়ে বৰপেটা, বজালী অদিৰ ভিন্ন স্থানৰ মছজিদত বাহৰ পাতি ফূৰে বুলি তথ্য পোহৰলৈ আহিছে। লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ বোমা বিস্ফোৰণ ঘটোৱা আৰু এই সন্দৰ্ভত তথ্য মজুত থকা বুলি এক ফেচবুক পোষ্ট কৰিছিল ব্যক্তিজনে।
এই পোষ্ট আৰক্ষীৰ দৃষ্টিলৈ অহাৰ লগে লগে বজালী আৰক্ষীৰ এটা দলে এক অভিযান চলায় আৰু মছজিদৰ পৰা নবী হুছেইনক আটক কৰে। পৃথক পৃথক মছজিদত বাহৰ পাতি ফুৰা নবী হুছেইনে বিগত চাৰি মাহ ধৰি ভবানীপুৰৰ শুকমানাৰ এটি মছজিদত আশ্ৰয় লৈ আছিল বুলি জানিব পৰা গৈছে।
সম্প্ৰতি বজালী আৰক্ষীয়ে সন্দেহ জনক লোকগৰাকীক আটক কৰি এই সন্দৰ্ভত সোধ–পোছ অব্যাহত ৰাখিছে। উল্লেখ্য যে ইতিপূৰ্বেও দিল্লী বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দি ১৫ জন লোক আৰক্ষীৰ জালত পৰিছে। এনে ঘটনাক সমৰ্থন কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি ইতিমধ্যে সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।