মুখ্যমন্ত্ৰীৰ ভাষণত অসমীয়া মহিলাৰ ‘সতীত্ব’ক অপমানৰ অভিযোগ, জিলাই জিলাই কংগ্ৰেছৰ এজাহাৰ দাখিল
পঞ্চায়ত নিৰ্বাচনৰ সমাৱেশৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত থকা সাক্ষীৰ বক্তব্যৰ কথা উল্লেখ কৰিছিল । তেওঁ কৈছিল যে সাক্ষীজনৰ বক্তব্যত কংগ্ৰেছৰ শাসনকালত চাকৰি পাবলৈ মহিলাসকলে “ভুল পথ গ্ৰহণ কৰিবলগীয়া হৈছিল” বুলি কোৱা হৈছে ।

শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মহিলাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্য কৰাৰ অভিযোগত বৃহস্পতিবাৰে কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । যোৱা ২৮ এপ্ৰিলত শৰ্মাৰ বক্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যজুৰি জিলা সদৰত কেইবাটাও অভিযোগ দাখিল কৰে । আৰক্ষীয়ে অৱশ্যে এতিয়াও এফআইআৰ পঞ্জীয়ন কৰা নাই যদিও অভিযোগৰ তদন্ত কৰি থকা বুলি জানিবলৈ দিয়ে ।
পঞ্চায়ত নিৰ্বাচনৰ সমাৱেশৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ ক্ষমতাত থকা সময়ত ২০১৩ আৰু ২০১৪ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত থকা সাক্ষীৰ বক্তব্যৰ কথা উল্লেখ কৰিছিল । তেওঁ কৈছিল যে সাক্ষীজনৰ বক্তব্যত কংগ্ৰেছৰ শাসনকালত চাকৰি পাবলৈ মহিলাসকলে “ভুল পথ গ্ৰহণ কৰিবলগীয়া হৈছিল” বুলি কোৱা হৈছে ।
দলৰ মুখপাত্ৰ মনালিছা বৰুৱা হাজৰিকাই কয় যে জিলা কংগ্ৰেছৰ সভাপতি আৰু অন্যান্য নেতাই অসমীয়া মহিলাৰ চৰিত্ৰক লৈ কৰা অপমানজনক মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক গৰিহণা দি নিজৰ স্থানীয় থানাত অভিযোগ দাখিল কৰে । কংগ্ৰেছে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক বিধানৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ তদন্তৰ আহ্বান জনায় বুলিও কয় মহিলাগৰাকীয়ে ।
গুৱাহাটীত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়ত মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মাই সাংবাদিকৰ আগত কয়, “অসমৰ মহিলাসকলৰ সতীত্বক লৈ সন্দেহৰ সৃষ্টি কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যই গভীৰভাৱে পশ্চাদপসৰণশীল আৰু অৰুচিবোধক প্ৰতিফলিত কৰিছে ।”
লগতে কংগ্ৰেছৰ শাসনকালত নিযুক্তি পোৱা মহিলাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মন্তব্যই “সন্দেহ” “অন্যায়” আৰু ভয়াৱহ সামাজিক অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে । লগতে তেওঁ দৃঢ়তাৰে কয় যে সেই নিযুক্তিৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই তৰুণ গগৈৰ মন্ত্ৰীসভাত প্ৰভাৱশালী পদত অধিষ্ঠিত হৈ আছিল ।
গোপাল চন্দ্ৰ শৰ্মাই লগতে কয় যে যদি কিবা অনিয়ম হৈছিল তেন্তে বৰ্তমানৰ মুখ্যমন্ত্ৰীকো জবাবদিহি কৰা উচিত । বুধবাৰে কংগ্ৰেছে মহিলাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ পত্ৰ লিখিছিল ।