২০ বাংলাদেশীক আটক কৰি বিতাড়ন অসম আৰক্ষীৰ…
শ্ৰীভূমি জিলাৰ পৰা ২০ অবৈধ বাংলাদেশীক আটক কৰি বিতাড়ন কৰে আৰক্ষীয়ে। অনুপ্ৰৱেশকাৰীসকলৰ ভিতৰত শিশু আৰু মহিলাও অন্তৰ্ভুক্ত।

পুনৰ ২০ জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়ন কৰিছে অসম আৰক্ষীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সদৰী কৰা মতে, শ্ৰীভূমি জিলাৰ পৰা এই অবৈধ বাংলাদেশী কেইজনক আটক কৰি বিতাড়ন কৰে আৰক্ষীয়ে। অনুপ্ৰৱেশকাৰীসকলৰ ভিতৰত শিশু আৰু মহিলাও অন্তৰ্ভুক্ত।
মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে যে, অসম সকলো ভাৰতীয় ঘৰ, ৰাজ্যৰ জনগাঁথনি সলনি কৰিবলৈ চেষ্টা কৰা অবৈধ বিদেশীৰ নহয়। অসম আৰক্ষীয়ে শ্ৰীভূমিৰ পৰা ২০ জন অবৈধ অনুপ্ৰৱেশকাৰীক পুনৰ বাংলাদেশলৈ বিতাড়ন কৰে। য’ত তেওঁলোকৰ প্ৰকৃত ঘৰ আছে। “আমি অবৈধ অনুপ্ৰৱেশকাৰীক সহ্য নকৰো।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।
Assam is home for all Indians, not for illegal foreigners trying to alter the State’s demography.
Today, @assampolice has pushed back 20 illegal infiltrators from Sribhumi, back to Bangladesh, where they actually belong.
WE WILL NOT TOLERATE ILLEGAL IMMIGRANTS. pic.twitter.com/oWgb7qu23Q
— Himanta Biswa Sarma (@himantabiswa) July 28, 2025
উল্লেখ্য যে, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ দীৰ্ঘদিনীয়া বিষয়টোৱে ৰাজ্যখনৰ ৰাজনৈতিক, সামাজিক আৰু নিৰাপত্তাজনিত আলোচনাত আধিপত্য বিস্তাৰ কৰি আছে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শেহতীয়াকৈ লোৱা পদক্ষেপ সীমান্ত চোৱাচিতা আৰু পৰীক্ষণ অভিযানৰ অংশ।
পিটিআইৰ প্ৰতিবেদন অনুসৰি, মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে ,যোৱা কেইমাহমানত ৩৭০ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ বিতাড়ন কৰা হৈছে। লগতে অনুপ্ৰৱেশমুক্ত অসমৰ প্ৰতি দায়বদ্ধ হৈ আছে ৰাজ্য চৰকাৰ।
যোৱা বছৰ চুবুৰীয়া দেশখনত অশান্তি আৰম্ভ হোৱাৰ পাছৰে পৰা উত্তৰ-পূবৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে। যাতে কোনো লোকে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্ততো হাই এলাৰ্ট বজাই ৰাখিছে অসম আৰক্ষীয়ে।