শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
এতিয়া বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পঢ়িব পাঠ্যপুথিত অপাৰেচন সেন্দূৰ

এতিয়া বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পঢ়িব পাঠ্যপুথিত অপাৰেচন সেন্দূৰ

monjit-dutta
Monjit Dutta | Published: 28 Jul 2025 00:59 AM

এতিয়া শিক্ষাৰ্থীসকলে পঢ়িবলৈ পাব অপাৰেচন সেন্দূৰৰ বিষয়ে। সূত্ৰ অনুসৰি প্ৰতিটো শ্ৰেণীতে অপাৰেচন সেন্দূৰ সন্দৰ্ভত আঠৰ পৰা দহ পৃষ্ঠাৰ অধ্যায় থাকিব। ভাৰতীয় সেনাৰ বীৰত্ব আৰু পাকিস্তানৰ পৰাজয়ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাৰ বাবে NCERT- এ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ শক্তিশালী অভিযান ‘অপাৰেচন সেন্দূৰ’ৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হ’ব। অতি সোনকালেই ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, চমুকৈ NCERT- এ ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে এক অধ্যায় সন্নিৱিষ্ট কৰাৰ পৰিকল্পনা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি ‘অপাৰেচন সেন্দূৰ’ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব।

ইতিপূৰ্বে পুলৱামা আৰু উৰিৰ ঘটনাৰ বিষয়েও পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া শিক্ষাৰ্থীসকলে পঢ়িবলৈ পাব অপাৰেচন সেন্দূৰৰ বিষয়ে। সূত্ৰ অনুসৰি প্ৰতিটো শ্ৰেণীতে অপাৰেচন সেন্দূৰ সন্দৰ্ভত আঠৰ পৰা দহ পৃষ্ঠাৰ অধ্যায় থাকিব। ভাৰতীয় সেনাৰ বীৰত্ব আৰু পাকিস্তানৰ পৰাজয়ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাৰ বাবে NCERT- এ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

চাওঁ আহক এই বিষয়ে….