পুৱাৰ পৰা উৰিয়ামঘাটত চলিছে আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ, বেদখল মুক্ত হ’ব ৩৬০০ একৰ বনাঞ্চল ভূমি…
উৰিয়ামঘাটৰ ৩,৬০০ একৰৰো অধিক বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে মঙলবাৰৰ পুৱাৰে পৰা ব্যাপক উচ্ছেদ অভিযান আৰম্ভ আৰক্ষী-প্ৰশাসনৰ। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে কমেও ১৫০০ পৰিয়ালক প্ৰভাৱিত কৰিব।

আজি পুৱাৰে পৰা উৰিয়ামঘাটত উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰক্ষী-প্ৰশাসনে। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৩,৬০০ একৰৰো অধিক বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অসম চৰকাৰে মঙলবাৰৰ পুৱাৰে পৰা ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰে বুলি বিষয়াসকলে জানিবলৈ দিছে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে কমেও ১৫০০ পৰিয়ালক প্ৰভাৱিত কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।
পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই জনাইছে যে, সৰুপথাৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১১ হাজাৰ বিঘা (৩৬০০ একৰৰো অধিক) মাটিত হোৱা বেদখল মুক্ত কৰিবলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। “বিদ্যাপুৰ অঞ্চলৰ মূল বজাৰৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ হৈছে। ক্ৰমান্বয়ে আৱাসিক অঞ্চললৈ গৈ অবৈধ কংক্ৰিটসমূহ ভাঙি পেলোৱা হ’ব।” এইদৰে সংবাদ সংস্থাটোক জানিবলৈ দিছে প্ৰশাসনে।
প্ৰশাসনে দাবী কৰিছে যে, উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১০,৫০০ বিঘাৰ পৰা ১১,০০০ বিঘা মাটি বেদখল কৰিছে। বিষয়াগৰাকীয়ে কয় যে, “সেই অঞ্চলসমূহত প্ৰায় ২০০০ পৰিয়াল বাস কৰি আছে। ইয়াত অবৈধভাৱে বসতি স্থাপন কৰা প্ৰায় ১৫০০ পৰিয়ালক জাননী প্ৰেৰণ কৰা হৈছিল। বাকী পৰিয়ালসমূহ অদিবাসী আৰু তেওঁলোকৰ হাতত বন অধিকাৰ সমিতিৰ প্ৰমাণপত্ৰ আছে।”
যিবোৰ পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হৈছে তেওঁলোকৰ প্ৰায় সংখ্যকে মুছলমান সম্প্ৰদায়ৰ, আনহাতে এফ আৰ চিৰ প্ৰমাণ পত্ৰ থকা পৰিয়ালবোৰ বড়ো, নেপালী আৰু অন্যান্য সম্প্ৰদায়ৰ বুলি স্থানীয় লোকে দাবী কৰে। কোৱা হৈছে যে, জাননী পোৱা প্ৰায় ৮০ শতাংশ পৰিয়ালে ইতিমধ্যে যোৱা কেইদিনমানৰ পৰা নিজৰ অবৈধ বসতিস্থল খালী কৰিছে। প্ৰশাসনে তেওঁলোকৰ কংক্ৰিটসমূহে ভাঙিছে।
খবৰ অনুসৰি, উচ্ছেদস্থলীত বন বিষয়া-কৰ্মচাৰী উপস্থিত থকাৰ লগতে বিশাল আৰক্ষী বাহিনী, চিআৰপিএফ আৰু কমাণ্ডো বাহিনী নিয়োজিত কৰা হৈছে ।
ইফালে, প্ৰকাশিত খবৰ অনুসৰি, উচ্ছেদ চলোৱা সীমান্ত অঞ্চলসমূহ নাগালেণ্ডৰ বুলি দাবী কৰিছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন, জি পি আৰ এনে। ইতিমধ্যে এই দাবী কৰা এটা ভিডিঅ’য়ে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁ লোকে দাবী কৰিছে যে, সেই অঞ্চলৰ অধিকাংশ ভূমি নাগালেণ্ডৰ। লগতে অবৈধ বেদখল মুক্ত কৰাৰ অজুহাতত চলোৱা অসমৰ উচ্ছেদ অভিযানক নগা ভূখণ্ড দখলৰ কৰাৰ পৰিকল্পনা আৰু দীৰ্ঘদিনীয়া অভিসন্ধি বুলি দাবী নগা বিদ্ৰোহীৰ।