By-Election 2024 : উদ্দেশ্যে ভোটদানৰ প্ৰতি ভোটাৰক উৎসাহিত কৰা ! ধলাইত উৰিল ২০০ৰো অধিক আকাশ বন্তি…
উপ-নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণক উৎসাহিত কৰা প্ৰচেষ্টাৰ অংশ হিচাপে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত ধলাই সমষ্টিত ২০০ ৰো অধিক আকাশ বন্তি প্ৰজ্বলন কৰা হয় । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ অংশ হিচাপে বিএনএমপি স্কুল খেল পথাৰত আকাশ বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটাৰৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰে কাছাৰ জিলা প্ৰশাসনে। উপ-নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণক উৎসাহিত কৰা প্ৰচেষ্টাৰ অংশ হিচাপে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত ধলাই সমষ্টিত ২০০ ৰো অধিক আকাশ বন্তি প্ৰজ্বলন কৰা হয় । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ অংশ হিচাপে বিএনএমপি স্কুল খেল পথাৰত আকাশ বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
২০৮ খন আকাশ বন্তি
বিবৃতিটোত কোৱা হৈছে যে,ৰাজ্যৰ আন চাৰিটা বিধানসভা সমষ্টিৰ লগতে ১৩ নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ধলাই সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা প্ৰতিফলিত কৰি মুঠ ২০৮ খন আকাশ বন্তি জ্বলোৱা হয় । বিবৃতিটো জিলা প্ৰশাসনে উল্লেখ কৰিছে যে, শুকুৰবাবে সন্ধিয়া প্ৰজ্বলন কৰা আকাশ বন্তি বহু ওপৰলৈকে উৰি যায় । ই বাসিন্দাসকলৰ বাবে এক শক্তিশালী বাৰ্তাৰ প্ৰতীক । ভৱিষ্যত গঢ় দিয়াত প্ৰতিটো ভোটৰ গুৰুত্ব আছে।
On November 8, 2024, District Commissioner Cum District Election Officer, Cachar, Shri Mridul Yadav, IAS, led the launching of sky lanterns and hydrogen balloons at B.N.M.P. H.S. School playground, Dholai.
1/2 pic.twitter.com/aaS3rxnl0P— District Commissioner, Cachar (@dccachar) November 9, 2024
শুকুৰবাৰে সন্ধিয়া ৫.০০ বজাত গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ উদ্দেশ্যে আকাশ বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ লগতে আগন্তুক নিৰ্বাচনত সকলো যোগ্য ভোটাৰক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সোঁৱৰাই দিয়া হয় বুলিও বিবৃতিটোত উল্লেখ কৰিছে কাছাৰ জিলা প্ৰশাসনে ।
উচ্চ হাৰত ভোটাৰৰ ভোটদানৰ ওপৰত গুৰুত্ব
ইফালে, সভাৰ ভাষণত জিলা উপায়ুক্ত (ডি চি) মৃদুল যাদৱে কয়, “প্ৰতিজন ভোটাৰৰ আমাৰ দেশৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষমতা আছে। আহক আমি উচ্চ হাৰত ভোটাৰৰ ভোটদান আৰু গণতন্ত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ আদৰ্শ দাঙি ধৰো।” তেওঁ ভোটাৰৰ ভোটদানক উৎসাহিত কৰাৰ বাবে SVEEP ৰ পদক্ষেপক প্ৰশংসা কৰে আৰু নাগৰিকসকলক ভোটদানৰ জৰিয়তে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ হ’বলৈ আহ্বান জনায়। বিবৃতিটোত লগতে কোৱা হৈছে যে, এই কাৰ্যসূচীত অতিৰিক্ত জিলা উপায়ুক্তৰ লগতে নিৰ্বাচন বিষয়া, অন্যান্য বিষয়াসকলেও অংশগ্ৰহণ কৰে।