অসম-বাংলাদেশ সীমান্তৰে কেনেকৈ হৈছে অনুপ্ৰৱেশ? গৃহমন্ত্ৰীলৈ পত্ৰ দেৱব্ৰত শইকীয়াৰ
গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পত্ৰৰ জৰিয়তে দেৱব্ৰত শইকীয়াই অসম-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ আহ্বান জনাইছে।

অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক পৰ্যালোচনাৰ বাবে গৃহমন্ত্ৰীক আহ্বান দেৱব্ৰত শইকীয়াৰ। ইতিমধ্যে এইলৈ গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পত্ৰৰ জৰিয়তে দেৱব্ৰত শইকীয়াই অসম-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ আহ্বান জনাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ লিখা পত্ৰত শইকীয়াই ২০২৫ চনৰ মে’ মাহৰ পৰা অসম আৰক্ষীয়ে সীমান্তত অবিৰতভাৱে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰি থকাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে নথি-পত্ৰবিহীন বাংলাদেশী নাগৰিকক বিতাড়ন কৰাৰ কথা বাৰে বাৰে স্বীকাৰ কৰাৰ বিপৰীতে বৰ্তমানৰ সীমা ব্যৱস্থাপনা আৰু সংস্থাসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন হৈছে ।
চৰকাৰী তথ্যৰ উদ্ধৃতি দি দেৱব্ৰত শইকীয়াই আঙুলিয়াই দিয়ে যে, ২০২৫ চনৰ ১০ মে’ত নতুন পুছবেক অভিযান ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ২০২৫ চনৰ ২৩ মে’ৰ পৰা বাংলাদেশীৰ বিৰুদ্ধে অবিৰতভাৱে অভিযান চলোৱা হয়। ইয়াৰ পিছত ৩১ মে’, ৮ জুন, ২৭ জুন, ৬ জুলাই আৰু ৩ আগষ্টত চলোৱা অভিযানৰ ফলত তিনিশৰো অধিক ব্যক্তিক ঘূৰাই পঠিওৱাৰ বাতৰি পোৱা গৈছে।
২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম–বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) মোতায়েন কৰা সত্ত্বেও শইকীয়াই উল্লেখ কৰে যে, অনুপ্ৰৱেশ এক স্থায়ী প্ৰত্যাহ্বান হৈয়েই আছে। তেওঁ তিনিটা মূল চিন্তাৰ ওপৰত আলোকপাত কৰে।
তেওঁ উদ্বেগ প্ৰকাশ কৰে যে,এই পৰিস্থিতিয়ে কেইবাটাও চিন্তাৰ সৃষ্টি কৰিছে। প্ৰথমতে, প্ৰত্যাহ্বানমূলক ভৌগোলিক ভূখণ্ডত বিএছএফ নিয়োগৰ মূল্যায়নৰ প্ৰয়োজন। দ্বিতীয়তে, প্ৰত্যক্ষ পুছবেকত অসম আৰক্ষীৰ ধাৰাবাহিকভাৱে জড়িত হোৱাটোৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহৰ মাজত সমন্বয়ৰ ব্যৱধানৰ দিশটোকে সূচায়। তৃতীয়তে, বিদেশী ন্যায়াধিকৰণ প্ৰক্ৰিয়া অবিহনে চলোৱা ৰাজ্য পৰ্যায়ৰ পুছবেকৰ পৰা উদ্ভৱ হোৱা সম্ভাৱ্য আইনী আৰু কূটনৈতিক জটিলতা।
তদুপৰি দেৱব্ৰত শইকীয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনাই কেইবাটাও পৰামৰ্শ দিয়ে। তেওঁ কয় যে,বি এছ এফৰ নিয়োগ আৰু কাৰ্য্যকৰী কৌশলৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন। কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰট’কল শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।
একেদৰে তেওঁ দিয়া পৰামৰ্শ ভিতৰত আছে- প্ৰযুক্তি-চালিত সীমান্ত চোৱাচিতা ব্যৱস্থাৰ অধিক ব্যৱহাৰ। অনুপ্ৰৱেশৰ মূল কাৰণসমূহৰ সমাধানৰ বাবে বাংলাদেশৰ সৈতে সক্ৰিয় কূটনৈতিক যোগাযোগ। ৰাষ্ট্ৰীয় নীতিৰ সৈতে সংগতি ৰাখি অনুপ্ৰৱেশকাৰীক চম্ভালাৰ বাবে স্পষ্ট আৰু একেধৰণৰ নিৰ্দেশনা।
শইকীয়াই জোৰ দি কয় যে, বিষয়টো কেৱল ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ই কূটনৈতিকভাৱেও প্ৰাসংগিক আৰু সেয়েহে কেন্দ্ৰক এই বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাই অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।