চাহ শ্ৰমিকে পাব ভূমিৰ অধিকাৰ, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দিনটোৰ ব্যস্ততাৰ অন্তত চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ পৰা প্ৰেৰণা আঁচনিলৈ দিনটোৰ শীৰ্ষ খবৰবোৰ পঢ়ক।
আজি ২৮ নৱেম্বৰ, বুধবাৰ। আজিৰ দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। এফালে যদি ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাকলৈ উৎফুল্লিত চাহ বাগিছাৰ শ্ৰমিক সকল ৷ আনফালে প্ৰেৰণা আঁচনিয়ে উৎসাহিত কৰিছে ৰাজ্যৰ পৰীক্ষাৰ্থীসকলক। চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ ৯ টা শীৰ্ষ খবৰ
- চাহ জনগোষ্ঠীৰ লোকে আজিৰে পৰা পাব ভূমিৰ অধিকাৰ। বিধানসভাত ভূমি পট্টা বিধেয়কক লৈ আলোচনা । ইফালে,অসম চৰকাৰৰ কেবিনটে চাহ শ্ৰমিক সকলক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাকলৈ উৎফুল্লিত চাহ বাগিছাৰ শ্ৰমিক সকল ৷
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে প্ৰেৰণা আঁচনি (Prerona scheme )। এই আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে মাহে পাব ৩০০ টকাকৈ । ইয়াৰ অধীনত ৰাজ্যৰ প্ৰায় ৪ লাখৰো অধিক পৰীক্ষাৰ্থী উপকৃত হ’ব বুলি আশা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
- চাৰি বছৰৰ মূৰত ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। অহা ৪ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী হৈছে পুটিনে। এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হ’ব । লগতে অংশগ্ৰহণ কৰিব ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত।
- ৰাজ্যত খালী থকা গাঁও প্ৰধান পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ আশ্বাস দিলে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই। তেওঁ সদনত দাখিল কৰা তথ্য অনুসৰি, ৰাজ্যত খালী আছে ২,২২৮ টা গাঁও প্ৰধানৰ পদ। তেওঁ জনাই যে, ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। অতি সোনকালে প্ৰদান কৰা হ’ব নিযুক্তি।
- সদনত আজি বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। তেওঁৰ অভিযোগ, বিজেপি কাৰ্যালয় নিৰ্মাণৰ বাবে মাটি আৱণ্টন দিছে চৰকাৰে। ৰাজ্যৰ ৩৪ টা স্থানত চৰকাৰী মাটি আবণ্টন দিয়াৰ অভিযোগ অখিল গগৈৰ।
- বিধানসভাত কমপ্লেক্সৰ ভিতৰত লাগে “ডিটেনচন ৰুম”! অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক “ডিটেনচন ৰুম”ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে কেবিনেট মন্ত্ৰী বিমল বড়াই। সদন চলি থকাৰ সময়ত নিলম্বিত বিধায়কক ৰাখিবলৈ এই ব্যৱস্থা কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।
- মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত ভয়াৱহ আক্ৰমণ। অচিনাক্ত বিদ্ৰোহী সংগঠনে সংঘটিত কৰে এই আক্ৰমণত। এই আক্ৰমণত আহত চাৰিজন জোৱান। আহত আটাইকেইজন জোৱানক তাৎক্ষণিকভাৱে হেলিকপ্টাৰ যোগে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
- ড্ৰাগছৰ বিৰুদ্ধে অভিযান হাইলাকান্দি আৰক্ষীৰ। অভিযানত জব্দ ৬৯ কিলোগ্ৰাম গাঞ্জা সহ দুই যুৱকক আটক। হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে চলাইছিল এই অভিযান। অভিযানৰ সময়ত এখন ট্ৰাকৰ পৰা জব্দ কৰে ৬৯ কিলোগ্ৰাম গাঞ্জা।
- দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা।