শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পৰীক্ষা দি ফুৰিবলৈ গৈছিল ঋষিকেশলৈ, গংগাৰ তীৰত উদ্ধাৰ অসমৰ ৰশ্মিতাৰ মৃতদেহ

মঙলবাৰে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) দেৱলাল গোৰ্লোছাই জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি যোৱা ৫ জুনৰ পৰা দিল্লীত নিৰুদ্দেশ হৈ থকা অসমৰ ডিমা হাচাও জিলাৰ চুনটিলাৰ বাসিন্দা ৰশ্মিতা হোজাইক উত্তৰাখণ্ডৰ গড়ৱাল জিলাৰ পাউৰিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। গৰ্লোছাই নিজৰ অফিচিয়েল ফেচবুক হেণ্ডেলত শ্বেয়াৰ কৰা এটা বাৰ্তাত এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰি ইয়াক “অকল্পনীয় ক্ষতি” বুলি অভিহিত কৰে।

পৰীক্ষা দি ফুৰিবলৈ গৈছিল ঋষিকেশলৈ, গংগাৰ তীৰত উদ্ধাৰ অসমৰ ৰশ্মিতাৰ মৃতদেহ
গংগাৰ তীৰত উদ্ধাৰ অসমৰ ৰশ্মিতাৰ মৃতদেহImage Credit source: Facebook
trishna-kalita
Trishna Kalita | Updated On: 10 Jun 2025 18:33 PM

উত্তৰাখণ্ডত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ সন্ধানহীন যুৱতীৰ মৃতদেহ। পৰীক্ষাৰ বাবে দিল্লীলৈ গৈ নিৰুদ্দেশ হৈছিল হাফলঙৰ চুনটিলাৰ ৰশ্মিতা হোজাই নাম যুৱতীগৰাকী। পৰীক্ষাৰ বাবে ৪ জুনত নতুন দিল্লীত উপস্থিত হৈছিল যুৱতীগৰাকী। ৫ জুনত পৰীক্ষা শেষ হোৱাৰ পাছৰে পৰা সন্ধান নাছিল ৰশ্মিতাৰ।

আজি গাড়োৱাল জিলাৰ পাউৰিত গংগা নদীৰ পাৰত উদ্ধাৰ কৰা হৈছে ৰশ্মিতাৰ মৃতদেহ। যোৱা ৫ জুনৰ পৰা সন্ধানহীন হৈ আছিল ৰশ্মিতা হোজাই।  ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ পৰীক্ষাৰ বাবে দিল্লীলৈ গৈছিল ২৬ বছৰীয়া ৰশ্মিতা । পৰীক্ষা শেষ হোৱাৰ পিছত শিৱপুৰীত কেম্পিঙৰ বাবে দুজন পুৰুষ বন্ধু – পূৰ্বৰ সহপাঠী হাৰিয়ানাৰ হেমন্ত শৰ্মা আৰু আন এজন বন্ধুৰ সৈতে উত্তৰাখণ্ডলৈ গৈছিল ৰশ্মিতা । পিছত তেওঁৰ বন্ধুসকলে ৰশ্মিতা নিৰুদ্দেশ হোৱাৰ খবৰ দিয়ে ।

মঙলবাৰে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) দেৱলাল গোৰ্লোছাই জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি যোৱা ৫ জুনৰ পৰা দিল্লীত নিৰুদ্দেশ হৈ থকা অসমৰ ডিমা হাচাও জিলাৰ চুনটিলাৰ বাসিন্দা ৰশ্মিতা হোজাইক উত্তৰাখণ্ডৰ গড়ৱাল জিলাৰ পাউৰিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। গৰ্লোছাই নিজৰ অফিচিয়েল ফেচবুক হেণ্ডেলত শ্বেয়াৰ কৰা এটা বাৰ্তাত এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰি ইয়াক “অকল্পনীয় ক্ষতি” বুলি অভিহিত কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয়, “এই যন্ত্ৰণাদায়ক সময়ত তেওঁৰ শোকসন্তপ্ত পৰিয়ালৰ লগত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা আছে।”

উদ্ধাৰ অভিযানৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে চি ই এম গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ঘটনাটোৰ সন্ধান উলিয়াবলৈ উত্তৰাখণ্ড আৰক্ষীৰ প্ৰচেষ্টাক স্বীকাৰ কৰে। তেওঁ কয়, ঠতেওঁলোকৰ সমৰ্থন অবিহনে এইটো সম্ভৱ নহ’লহেঁতেন।” লগতে এই ঘটনাৰ সৈতে জড়িত ব্যক্তি দুজনৰ বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও গৰ্লোছাই কৰ্তৃপক্ষক আহ্বান জনায়। তেওঁ ন্যায়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজত মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।

ইফালে উদ্ধাৰ হোৱাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৰশ্মিতাৰ মৃতদেহ।  ইতিমধ্যে যুৱতীগৰাকীৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। দুজন ব্যক্তি — দিল্লীৰ মহিন্দৰগড়ৰ হেমন্ত শৰ্মা আৰু হাৰিয়ানাৰ ৰোহটকৰ পংকজ কোকাৰক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। দুজন লোকে শিৱপুৰী আৰক্ষী থানাত ৰশ্মিতা নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল আৰু নদীৰ প্ৰচণ্ড সোঁতে উটুৱাই লৈ যোৱা বুলি দাবী কৰিছিল। শেষবাৰৰ বাবে ৫ জুনৰ সন্ধিয়া মাতৃৰ সৈতে কথা পাতিছিল অসমৰ ডিমা হাচাওৰ বাসিন্দা ৰশ্মিতা হোজাই । তেতিয়া তেওঁ ৰে’লেৰে উভতি অহাৰ কথা অস্পষ্টভাৱে উল্লেখ কৰিছিল মাতৃৰ আগত ।

ইয়াৰ পূর্বে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰশ্মিতাৰ সন্ধান উলিওৱাত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছিল পৰিয়ালক৷ ইফালে তদন্ত অগ্ৰগতিৰ লগে লগে দুয়োখন ৰাজ্যৰ কৰ্তৃপক্ষই সহযোগক কৰিছে।