শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বড়ো ভূমিত পুনৰ ভাতৃঘাতী সংঘৰ্ষৰ আশংকা, মন্ত্ৰী ইউ জি ব্ৰহ্মৰ চাঞ্চল্যকৰ ফেচবুক পোষ্ট

বড়ো ভূমিত পুনৰ ভাতৃঘাতী সংঘৰ্ষৰ আশংকা মন্ত্ৰী ইউ জি ব্ৰহ্মৰ। ফেচবুকত এক পোষ্টযোগে এনে শংকা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। সমুখত বিটিচি নিৰ্বাচন, এনে পৰিস্থিতিত মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

বড়ো ভূমিত পুনৰ ভাতৃঘাতী সংঘৰ্ষৰ আশংকা, মন্ত্ৰী ইউ জি ব্ৰহ্মৰ চাঞ্চল্যকৰ ফেচবুক পোষ্ট
মন্ত্ৰী ইউ জি ব্ৰহ্মImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 20 Aug 2025 20:29 PM

অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ এটা বিশেষ ফেচবুক পোষ্ট। এই পোষ্টটোক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। মূলতঃ বড়োভূমিক লৈ ফেচবুকত এটা পোষ্ট কৰিছে মন্ত্ৰীগৰাকীয়ে। পোষ্টটোত মন্ত্ৰীগৰাকীয়ে শংকা ব্যক্ত কৰিছে ভাতৃঘাতী সংঘাতক লৈ। এক শক্তিয়ে পুনৰ সংঘাত সৃষ্টিৰ চেষ্টা কৰা বুলি আশংকা প্ৰকাশ মন্ত্ৰী ব্ৰহ্মৰ।

পোষ্টটোত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই লিখিছে- “এক অশনি সংকেত আকৌ ! এক অশুভ শক্তিয়ে বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি আকৌ ভাতৃঘাতী সংঘৰ্ষ আৰু গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে যেন লাগিছে । আগৰ ৰক্তক্ষয়ী সময় পাহৰি বিটিচিবাসী ৰাইজে যি সময়ত ঐক্য-সংহতিৰে সহৱস্থানৰ কথা কৈছে সেই সময়ত পূৰ্বৰ ভাতৃঘাতী সংঘৰ্ষ আৰু গোষ্ঠী সংঘৰ্ষৰ কথাকেই যদি দোহাৰি থকা হয়, তেন্তে এয়া নিশ্চয় বড়োলেণ্ড অঞ্চলৰ ৰাইজক ৰক্তাক্ত পৰিস্থিতিলৈ ঠেলি দিয়াৰ এক ভয়ংকৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো হ’ব নোৱাৰে ! বিটিচিত এতিয়া শান্তিৰ কপৌ উৰিছে, ফুটবলৰ যুগ আকৌ আৰম্ভ হৈছে, জাতি জনগোষ্ঠীৰ গীত মাতৰে গুঞ্জৰিত হৈ আছে, উন্নয়নৰ সাহিত্য ৰচিত হৈছে আৰু বিশ্বাস-আস্থাৰ বন্ধন সুদৃঢ় হৈছে । তেনে শক্তিবোৰৰ বাবে বৰ্তমান বিটিচিত বিৰাজ হৈ থকা শান্তি অসহনীয় হৈ পৰিল। কাৰণ তেনে শক্তিয়েই সদায় বিটিচিক অস্থিৰ কৰি ৰাখি আহিছিল আৰু সমাজক খণ্ড-বিখণ্ড কৰি ৰাখিছিল। বিটিচিবাসী ৰাইজ তেনে অশুভ শক্তিৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন।”

Ug Brahma's Fb Post

মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ফেচবুক পোষ্ট

উল্লেখ্য যে, কিছু বছৰ আগলৈকে বড়ো ভূমিত বন্দুকৰ গুলীত ৰাতিপুৱাইছিল বুলি ক’লেও ভুল কোৱা নহ’ব। বিভিন্ন সংঘৰ্ষ, বিদ্ৰোহী সমস্যাত জৰ্জৰিত আছিল বড়োভূমি। সেই ৰক্তাক্ত ইতিহাস আজিও মানুহে পাহৰা নাই। কেকেৰীকুছিৰ ৰক্তাক্ত উৰুকা নিশাৰ পৰা ভীমাজুলিকাণ্ডলৈকে তেজেৰে লিখা হৈছিল বড়োভূমিৰ ইতিহাস। প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডত নাম সাঙোৰ খাইছিল এন ডি এফ বিৰ প্ৰাক্তন নেতা বি আৰ ফেৰেংগাৰ। তেওঁ বৰ্তমান বিটিচিৰেই এগৰাকী কাৰ্যবাহী।

শান্তি চুক্তিৰ দ্বাৰা মূলসূঁতিলৈ উভতি আহিল এন ডি এফ বি নামৰ সশস্ত্ৰ সংগঠন। তাৰ পূৰ্বেই মূল সূঁতিলৈ আহিছিল বিএলটি। পূৰ্বৰ সেই সময়ছোৱা বড়োভূমিৰ ৰাইজৰ বাবে আছিল এক অন্ধকাৰ যুগ। ভয় আৰু শংকাৰ মাজত দিন কটাবলগীয়া হৈছিল বড়োভূমিৰ ৰাইজে। কিন্তু এতিয়া তেনে পৰিৱেশ দেখা নাযায়। তৎস্বত্বেও উৰ্খাও গৌড়া ব্ৰহ্মৰ এই পোষ্টে চিন্তাৰ উদ্ৰেক ঘটাইছে।

বড়ো শান্তি চুক্তিৰ পাছত অস্ত্ৰৰ ঝনঝননি ক্ৰমে হ্ৰাস পাবলৈ ধৰে বিটিআৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈকে বিভিন্নজন নেতাই দাবী কৰি আহিছে যে বিটিচিত এতিয়া শান্তিৰ নিজৰা বৈছে। তেনেস্থলত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এগৰাকী মন্ত্ৰী এনে আশংকাৰ কাৰণ কি? কাক উদ্দেশ্য কৰি মন্ত্ৰী ব্ৰহ্মই এই পোষ্ট কৰিলে বা সেই অশুভ শক্তি কোন? সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে একো উল্লেখ কৰা নাই।

মন্ত্ৰী ব্ৰহ্মৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে BPF ৰ প্ৰাক্তন EM জগদীশ সৰকাৰে। তেওঁ কয়, “আজি কেবাদিন ধৰি যিটো পৰিবেশ হৈছে, যোৱা ৫ বছৰত বিজেপি-ইউপিপিএল নেতৃত্বাধীন যিখন চৰকাৰ, তেওঁলোকৰ কাম-কাজ চাই বিটিচি অঞ্চলৰ ৰাইজে ইতিমধ্যে মাৰবান্ধি থিয় দিছে বিপিএফৰ নেতৃত্বত চৰকাৰ গঠন কৰিবৰ কাৰণে। ইয়াতেই সংকিত হৈ এনে ধৰণে এক ভাবুকি দিয়া যেন অনুভৱ হৈছে মন্ত্ৰী ইউ জি ব্ৰহ্মই। ২০০৫ চনৰ পৰা ২০২০ চনলৈকে বিপিএফৰ চৰকাৰ হৈছিল সেই সময়ত ২০০৮ আৰু ২০১৪ ত ভাতৃঘাতী সংঘৰ্ষ কোনে সৃষ্টি কৰিছিল? বিপিএফৰ চৰকাৰ থাকোতে এবছুৰ তেতিয়াৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত বড়ো ৰাইজে ডিভাইড আছাম ৫০-৫০ আন্দোলন কৰিছিল। এন ডি এফ বিৰ নেতৃত্বত অসমৰ বিভিন্ন ঠাইত হত্যাযজ্ঞ হৈছিল। সেই সময়ত তেওঁলোকৰ নেতৃত্বত বিটিচিৰ প্ৰশাসন যন্ত্ৰক ব্যতিব্যস্ত কৰাৰ প্ৰচেষ্টা চলিছিল। এতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ বিটিচি চৰকাৰ গঠনৰ উমান পায় এনে ধৰণে ভাবুকি দিয়াৰ চেষ্টা কৰা হৈছে।”

তেওঁ লগতে কয়, ” মন্ত্ৰী ইউ জি ব্ৰহ্ম এগৰাকী মন্ত্ৰী, তেওঁৰ মুখত এনে কথা শোভা নাপায়। এই কাৰ্যক মই গৰিহণা দিছোঁ। মোৰ অনুভৱ হৈছে বিপিএফে চৰকাৰ গঠন কৰিলে তেওঁলোক পুনৰ ৰাজপথত নামিব, আন্দোলন কৰিব। তেওঁলোকে শংকিত হৈয়েই এনে মন্তব্য কৰিছে।”