শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজনীতি এৰি সন্যাস ল’ব মন্ত্ৰী অশোক সিংহালে, যাবগৈ হিমালয়লৈ!

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপত ভূমি বেদখল কৰা বুলি মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে উত্থাপিত অভিযোগক খণ্ডন কৰিছে মন্ত্ৰীগৰাকীয়ে। উপযুক্ত তথ্য-প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনালে দেৱব্ৰত শইকীয়াক। যদি সঁচা প্ৰমাণ কৰিব পাৰে, তেন্তে ৰাজনীতি এৰি সন্যাস গ্ৰহণ কৰিব বুলি কয় সিংহালে।

ৰাজনীতি এৰি সন্যাস ল’ব মন্ত্ৰী অশোক সিংহালে, যাবগৈ হিমালয়লৈ!
দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান অশোক সিংহালৰ
raj-saikia
Raj Saikia | Published: 06 Nov 2025 17:33 PM

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপত অশোক সিংহালৰ নামত মাটি থকাক লৈ সূত্ৰপাত ঘটিছে এক বিতৰ্কৰ। উক্ত অঞ্চলটো ট্ৰাইবেল বেল্টৰ অধীনত পৰে আৰু অজনজাতীয় লোকে সেই অঞ্চলত ভূমি ক্ৰয় কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত মন্ত্ৰী সিংহালে কেনেকৈ ট্ৰাইবেল বেল্টৰ ভূমি ক্ৰয় কৰিলে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছিল বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। যোৱা মঙলবাৰে বিৰোধী দলপতিগৰাকীয়ে কৈছিল যে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে শূন্যসহনশীল নীতি গ্ৰহণ কৰি মন্ত্ৰী সিংহালৰ এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

“মুখ্যমন্ত্ৰীয়ে অশোক সিংহালক কেবিনেটত থকাৰ অনুমতি দিব নালাগে। তেওঁ মুখ্য সচিবৰ নেতৃত্বত এক সমিতি গঠন কৰি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত যে কোনো আপোচ নকৰে সেয়া প্ৰমাণ কৰিব লাগে। মন্ত্ৰী সিংহালৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে।” শইকীয়াই কয়।

তেওঁ লগতে কয় যে স্বাস্থ্যমন্ত্ৰীগৰাকী কেবাটাও ভূমি ক্ৰয় সংক্ৰান্তীয় অভিযোগৰ সৈতে জড়িত হৈ আছে। “যদি সিংহাল সঁচাকৈয়ে তাত মাটিৰ মালিক হয়, তেন্তে সেয়া গুৰুতৰ চিন্তাৰ বিষয়। ইয়াৰ পূৰ্বে তেওঁ পত্নীৰ নামত ঢেকীয়াজুলি মহিলা সমিতিৰ মাটি দখল কৰিবলৈ চেষ্টা কৰিছিল, আৰু পিছত ভুল বুলি উলাই কৰিছিল। আনকি তেওঁ অৰুণোদয় আঁচনিৰ অধীনত নিজকে পঞ্জীয়ন কৰিছিল আৰু পিছত সেইটোও ভুল বুলি কৈছিল। এতিয়া, খবৰ অনুসৰি তেওঁ কোনো নন-চাৰ্ভে ট্ৰাইবেল বেল্টত মাটি অধিগ্ৰহণ কৰিছে, যিটো গ্ৰহণযোগ্য নহয়।” শইকীয়াই লগতে কয়।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে জুবিন ক্ষেত্ৰৰ সমীপত মন্ত্ৰী অশোক সিংহালৰ মাটি আছে বুলি তেওঁ জ্ঞাত নহয়। ব্যক্তিগত ভূমিৰ স্বত্বাধিকাৰ সন্দৰ্ভত তদন্ত কৰাটো তেওঁৰ দায়িত্ব নহয় বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই।

এইবাৰ এইক্ষেত্ৰত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সিংহালে তথ্যসহকাৰে এই অভিযোগৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনায় দেৱব্ৰত শইকীয়াক। “মই বা মোৰ পৰিয়ালে এক ইঞ্চি মাটিও অবৈধভাৱে দখল কৰিছোঁ বুলি যদি তেওঁ প্ৰমাণ দিব পাৰে, তেন্তে মই ৰাজনীতি ত্যাগ কৰিম, অসম ত্যাগ কৰিম আৰু সন্যাস লৈ হিমালয়লৈ যাম।” সিংহালে কয়।

২৪ ঘণ্টাৰ সময়সীমা বান্ধি দি সিংহালে লগতে দাবী কৰে যদি দেৱব্ৰত শইকীয়াই উপযুক্ত তথ্য-প্ৰমাণ দিব নোৱাৰে তেন্তে তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব।

নিজৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয় যে তেওঁ ৰাজনৈতিক জীৱন সেৱাৰ মাজেৰে আগবাঢ়িছে, নিজৰ-স্বাৰ্থত নহয়। “মই কেতিয়াও চৰকাৰী ঠিকা আৰু ৰাজসাহায্য গ্ৰহণ কৰা নাই। মই জনতাক সেৱা কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ, দুৰ্নীতি বা নিজৰ সমৃদ্ধিৰ বাবে নহয়। আমাৰ চৰিত্ৰ কংগ্ৰেছৰ দৰে নহয়।” সিংহালে কয়।