শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই…

ৰিপুণ বৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত দলত পুনৰ যোগদান কৰিব । ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দললৈ গৈছিল ৰিপুণ বৰা । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ'বলগীয়া প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব ।

আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই…
ৰিপুণ বৰা
Manas Borah
Manas Borah | Updated On: 08 Sep 2024 14:09 PM

নিৰাশ হৈ তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰিপুণ বৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত দলত পুনৰ যোগদান কৰিব । ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দললৈ গৈছিল ৰিপুণ বৰা । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব । ৰিপুণ বৰাৰ পুনৰ যোগদানত ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থকিব দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৰাকীৰ উপস্থিতিতে বৰাই কংগ্ৰেছত যোগদান কৰিব।

উল্লেখ্য যে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈছিল ৰিপুণ বৰাই । কিন্তু দলীয় কিছু কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছ ত্যাগ কৰে ৰিপুণ বৰাই । বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ দলটো ত্যাগ কৰিছিল সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে ।

কিয় এৰিলে তৃণমূল কংগ্ৰছ ?

ৰিপুণ বৰাই যোৱা ১ ছেপ্টেম্বৰত দলত্যাগৰ পত্ৰ প্ৰেৰণ কৰি অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছক উত্তৰ-পূব ৰাজ্যৰ জনসাধাৰণে পশ্চিম বংগৰ “আঞ্চলিক দল” বুলি গণ্য কৰে । লগতে ৰাইজে দলটোক নিজৰ বুলি “গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়” বুলিও দাবী কৰিছিল ৰিপুণ বৰাই । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ লিখা এখন পত্ৰত ৰাজ্যসভাৰ প্ৰাক্তন সদস্যগৰাকীয়ে কয় যে,মমতা বেনাৰ্জীক অসমত টিএমচি গ্ৰহণযোগ্য কৰি তোলাৰ বাবে বহু পৰামৰ্শ আগবঢ়াইছিল যদিও সেইবোৰ “কাৰ্যকৰী হোৱা নাছিল”।

দুবছৰৰো অধিক সময় অসম টিএমচিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি এই সময়ছোৱাত সমগ্ৰ ৰাজ্যৰ মানুহৰ সৈতে দলটোৰ সন্দৰ্ভত মত বিনিময় কৰা বুলিও উল্লেখ কৰিছে ৰিপুণ বৰাই । “দুৰ্ভাগ্যজনকভাৱে অসমৰ বহু লোকে টিএমচিক পশ্চিমবংগৰ আঞ্চলিক দল বুলি ধাৰণা কৰে । অসমৰ ৰাইজে আন এখন ৰাজ্যৰ বুলি অনুভৱ কৰা দল এটাক মানি ল’বলৈ ইচ্ছুক নহয়। এই প্ৰত্যাহ্বানসমূহৰ পৰ্যাপ্ত সমাধানৰ অভাৱৰ বাবে মই এটা কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো আৰু টিএমচিৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছো।” পদত্যাগ পত্ৰত এইদৰে উল্লেখ কৰিছিল ৰিপুণ বৰাই ।