ৰাজ্যিক কর্কট প্রতিষ্ঠানত আৰম্ভ হ’ল অত্যাধুনিক ৰবটিক অস্ত্রোপচাৰ সুবিধা, অতি সোনকালে উপলব্ধ হ’ব ডিব্ৰুগড়-শিলচৰতো…
ৰাজ্যিক কর্কট প্রতিষ্ঠানত ৰোগীৰ বাবে মুকলি কৰা হ'ল উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো অত্যাধুনিক ৰবটিক অস্ত্রোপচাৰৰ সুবিধা । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আনুষ্ঠানিকভাৱে কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে এই সুবিধা মুকলি কৰে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত ৰোগীৰ বাবে মুকলি কৰা হ’ল উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো অত্যাধুনিক ৰবটিক অস্ত্রোপচাৰৰ সুবিধা । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আনুষ্ঠানিকভাৱে কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে এই সুবিধা মুকলি কৰে । উল্লেখ্য যে, এই অত্যাধুনিক ৰবটিক অস্ত্রোপচাৰ যন্ত্ৰটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী, কার্ডিঅ’ভাস্কুলাৰ ডিজিজ এণ্ড ষ্ট্ৰ’ক (এনপিচিডিচিএছ) আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১৪.৯৯ কোটি টকা ব্যয় সাপেক্ষে ক্রয় কৰিছে।
এই ৰবটিক অস্ত্রোপচাৰে নিখুঁততা, উচ্চমানৰ নিয়ন্ত্রণ আৰু 3D দৃশ্যায়ন প্ৰদান কৰাৰ ফলত কৰ্কট ৰোগৰ উন্নত চিকিৎসা প্রদান ক্ষেত্ৰত সক্ষম হৈ উঠিব। এই চৰকাৰী চিকিৎসালয়খনে এতিয়াৰে পৰা মেক ইন ইণ্ডিয়া প্ৰযুক্তিৰ জৰিয়তে কম খৰচী, অত্যন্ত সঠিক আৰু সহজতে উপলব্ধ হোৱাকৈ অংক’লজী সম্পর্কীয় অস্ত্রোপচাৰৰ সুবিধা আগবঢ়াব। শেহতীয়া চফ্টৱেৰৰ সৈতে সুৰক্ষা, আর্টিকুলেটিং এণ্ড’স্কোপ আৰু কেমেৰা নিয়ন্ত্ৰণ ব্যৱস্থাৰে সজ্জিত এই ৰবটিক সুবিধাই অস্ত্রোপচাৰৰ সময় যথেষ্ট হ্রাস কৰাৰ লগতে জটিল পদ্ধতিসমূহ নিখুঁত আৰু সহজতে সম্পন্ন কৰি ৰক্তক্ষণৰ সম্ভাৱনাও হ্রাস কৰিব বুলি আশা কৰা হৈছে ।
এই ব্যৱস্থা মুকলি কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে, অসমে উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ৰবটিক অস্ত্রোপচাৰৰ ব্যৱস্থা মুকলি কৰি ৰঙালী বিহু উদযাপনৰ প্ৰাৰম্ভণি কৰিছে। তেওঁ কয় যে, এই চৰকাৰী চিকিৎসালয়খনে এতিয়াৰে পৰা মেক ইন ইণ্ডিয়া প্ৰযুক্তিৰ জৰিয়তে কম খৰচী, নিখুঁত অংক’লজিকেল অস্ত্রোপচাৰ প্ৰক্ৰিয়া আগবঢ়াব। তেওঁ লগতে ঘোষণা কৰে যে, উজনি অসম আৰু বৰাক উপত্যকা অঞ্চলত বসবাস কৰা ৰোগীসকলৰ সুবিধার্থে শীঘ্ৰে ডিব্ৰুগড় আৰু শিলচৰতো ৰবটিক অস্ত্রোপচাৰ ব্যৱস্থাৰ একেধৰণৰ সুবিধা প্ৰৱৰ্তন কৰা হ’ব।
মুখ্যমন্ত্রী ড° শর্মাই লগতে কয় যে, এই উচ্চমানৰ চিকিৎসা প্রযুক্তি পৰিচালনা কৰাৰ বাবে মানৱশক্তি সৃষ্টি কৰাটো নিশ্চিত কৰাৰ বাবে পর্যাপ্ত আৰু সুসমন্বিত পদক্ষেপ গ্রহণ কৰা হৈছে। তেওঁ লগতে কয় যে, চৰকাৰে ৰাজ্যৰ সকলো কর্কট চিকিৎসালয়তে নার্চিং মহাবিদ্যালয় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, য’ত ইংৰাজী, জাপানী আৰু আন বিদেশী ভাষাত কার্যসূচী আগবঢ়োৱা হ’ব। ই শিক্ষার্থীসকলক বিশাল ভৌগোলিক ক্ষেত্ৰখনত তেওঁলোকৰ ভৱিষ্যৎ গঢ়াৰ সুযোগ সম্প্ৰসাৰণত সহায় কৰিব উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্রীয়ে কয় যে, ৰবটিক অস্ত্রোপচাৰৰ সুবিধা মুকলি হোৱাটোৱে চৰকাৰে অসমৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি আগবঢ়াই নিয়াৰ লগতে প্ৰতিগৰাকী নাগৰিকৰ বাবে বিশ্বমানৰ চিকিৎসাসেৱা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশটোও প্ৰতিফলিত কৰিছে। তেওঁ আইচিআইচিআই ফাউণ্ডেশ্যনক কর্পৰেট সামাজিক দায়বদ্ধতা পদক্ষেপৰ অধীনত গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানলৈ উচ্চমান বিশিষ্ট চিকিৎসা সঁজুলি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তদুপৰি, অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন, ৰাজ্যিক কর্কট প্রতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালকো সহযোগিতাৰ বাবে মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে ।