NRC ৰ পৰা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ অনিয়মৰ তদন্তলৈ, অমিত শ্বাহলৈ জাতীয় পৰিষদৰ ডাঙৰ প্ৰশ্ন…

কেইবাটাও কাৰ্যসূচী হাতত লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কিন্তু ইয়াৰ পূৰ্বে অসম জাতীয় পৰিষদে শ্বাহলৈ কেইবাটাও প্ৰশ্ন আগবঢ়ায়। বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন জাতীয় পৰিষদৰ।

NRC ৰ পৰা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ অনিয়মৰ তদন্তলৈ, অমিত শ্বাহলৈ জাতীয় পৰিষদৰ ডাঙৰ প্ৰশ্ন...

অসম জাতীয় পৰিষদ

Published: 

28 Aug 2025 15:17 PM

আজি (২৮ আগষ্ট) অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ পূৰ্বে অসম জাতীয় পৰিষদে এক সংবাদমেলৰ জৰিয়তে জাতীয় পৰিষদক ৭টা প্ৰশ্ন কৰে। সেই প্ৰশ্ন কেইটা তলত অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

১) শ্রী অমিত শ্বাহে ২০১৯ চনত সংসদত ঘোষণা কৰিছিল যে ন্যায়াধীশ (অৱঃ) বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন দাৰি-কমা কর্তন নকৰাকৈ ৰূপায়ন কৰা হ’ব।কৰিলেনে?

২) ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছিল যে, সকলো অবৈধ বাংলাদেশীয়ে সেই বছৰৰ ১৬ মে’ৰ পিছত ভাৰত এৰি যাব লাগিব।প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি পালনৰ প্ৰাথমিক দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হ’লনে?

৩) ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ প্ৰচাৰলৈ আহি, ১৫ মাৰ্চৰ দিনা গুৱাহাটীৰ খানাপাৰাত অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিল যে, ছেটেলাইট প্রযুক্তি ব্যৱহাৰ কৰি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহ চিনাক্ত কৰি, ব্ৰহ্মপুত্ৰৰ চৌদিশে কিছুমান পুখুৰী খান্দি, নৈৰ পানী সেই পুখুৰীসমূহলৈ বোৱাই নি, অসমৰ বানপানীৰ সমস্যা ৫ বছৰৰ ভিতৰত স্থায়ীভাৱে সমাধান কৰা হ’ব। সেই পৰিকল্পনা/প্রকল্পটো এতিয়া কি পর্যায়ত আছে? কিমানখিনি আগবাঢ়িল?

৪) ২০১৯ চনৰ ৫ এপ্রিল তাৰিখে মৰিগাঁও জিলাৰ আহতগুৰি মহযুঁজ পথাৰত আয়োজিত নির্বাচনী সভাত শ্রী অমিত শ্বাহে কৈছিল যে ভাৰত-বাংলাদেশ সীমান্ত এনেভাৱে ছীল কৰা হ’ব যে চৰাই এটায়ো আহি ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু তাৰ ৫ বছৰৰ মূৰত, ১২ আগষ্ট ২০২৪ তাৰিখে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই মানকাচৰত উপস্থিত হৈ উন্মুক্ত সীমান্ত নিজ চকুৰে পৰ্য্যবেক্ষণ কৰি আহে।

প্রশ্ন হ’ল, সীমান্ত ছীল কৰাৰ প্ৰতিশ্ৰুতি কিয় পালন কৰা হোৱা নাই? গৃহ মন্ত্ৰালয়ে বাৰে বাৰে কথা সলাইছে কিয়?

৫) ১৬০২.৬৬ কোটি টকা খৰচ কৰি, ৫০ সহস্রাধিক চৰকাৰী কৰ্মচাৰীৰ পাঁচ বছৰতকৈ অধিক সময়ৰ শ্ৰমৰ বিনিময়ত প্রস্তুত হোৱা তথা অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন জড়িত থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰ কাম কিয় সম্পূৰ্ণ হোৱাৰ পাছতো পেলাই থোৱা হ’ল? কিয় ‘ৰিজেকচন স্লীপ’ ইছ্যু কৰা নহ’ল, কিয় পুণৰীক্ষণৰ ব্যৱস্থা কৰা নহ’ল, কিয় চূড়ান্ত অধীসূচনা জাৰি কৰা নহ’ল এই প্ৰশ্নকেইটাৰ উত্তৰ শ্ৰী অমিত শ্বাহে দি যাবনে?

এন আৰ চিৰ সমন্বয়ক প্রতীক হাজেলাক কেগে (CAG) দায়বদ্ধ কৰা স্বত্বেও অসম চৰকাৰে তেওঁক অসম এৰি গুছি যাবলৈ সুযোগ দিলে আৰু তেওঁৰ স্বেচ্ছামূলক অৱসৰত অনুমোদন জনালে। আনকি এন আৰ চিৰ পৰৱৰ্তী সমন্বয়ক শ্রী হীতেশ দেৱশৰ্মাই হাজেলাৰ বিৰুদ্ধে চি আই ডিত দাখিল কৰা গোচৰ আজিলৈকে পঞ্জীয়ন কৰা নহ’ল। অসম চৰকাৰে কৰা উক্ত জনস্বার্থবিৰোধী কাৰ্য্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীক জৱাবদিহি কৰিবনে?

৬) ২০১৬ আৰু ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে শ্রী অমিত শ্বাহে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্রতিশ্রুতি দিছিল। উক্ত প্রতিশ্রুতি কেতিয়া পালন কৰা হ’ব?

৭) (আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়)

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই নিয়মিতভাৱে তেওঁৰ ফেচবুক পেজ আৰু এক্স হেণ্ডলত পোষ্ট আৰু ফটো প্ৰকাশ কৰি কৈ আহিছে যে অসমত প্ৰৱেশ কৰি থকা অৱস্থাত বা অসমলৈ প্রৱেশ কৰা অবৈধ বাংলাদেশীক অসম আৰক্ষীয়ে নিয়মিতভাৱে উভতাই পঠিয়াই আছে। প্রতি সপ্তাহত কমেও তিনি-চাৰিটা এনে ঘটনাৰ ফটোশ পোষ্ট মুখ্যমন্ত্রীয়ে দি আহিছে।

মুখ্যমন্ত্ৰীৰ এনে পোষ্টে প্রমাণ কৰে যে সীমান্ত সুৰক্ষাৰ দায়িত্বত নিয়োজিত বি এছ এফে পালন কৰিব পৰা নাই আৰু অসম আৰক্ষীয়ে ব্যর্থ বি এছ এফৰ কামখিনি কৰিবলগীয়া হৈছে।

বি এছ এফ কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ অধীনত পৰিচালিত। বি এছ এফৰ ব্যৰ্থতা মানে কেন্দ্রীয় গৃহমন্ত্ৰীৰ ব্যৰ্থতা। অসমৰ মুখ্যমন্ত্ৰীয়ে উদঙাই দিয়া কেন্দ্রীয় গৃহমন্ত্ৰীৰ সেই ব্যৰ্থতা অসমৰ মাটিত থিয় হৈ কেন্দ্রীয় গৃহমন্ত্ৰীয়ে স্বীকাৰ কৰিবনে?

অতিৰিক্ত প্রশ্ন:

– চাহ শ্ৰমিকৰ মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰাৰ কথা ২০১৬ চনত বিজেপিৰ দৃষ্টিপত্ৰ ২০১৬-২৫ত ঘোষণা ঘোষণা কৰিছিল দলটোৱে। সেইটো কিয় পূৰণ কৰা নহ’ল?

– মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়াল তথা ঘনিষ্ঠসকলৰ দুৰ্নীতি অনিয়মৰ তদন্ত ঘোষণা কৰিবনে?

– গীৰ গাই কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিবনে? (যিহেতু অমিত শ্বাহ ডাঙৰীয়া কেন্দ্রীয় সমবায় মন্ত্রী। বিষয়টো তেওঁৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ।)

– ৰাজ্যৰ খিলঞ্জীয়া-জনজাতীয় লোকৰ ভূমি কৰ্পোৰেটক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিবনে? ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰিব বিচৰা ৫৫ হাজাৰ বিঘা মাটিৰ ৪৯৫০০ বিঘা খিলঞ্জীয়া-জনজাতীয় লোকৰ মাটি।

 

(প্ৰেছ বিবৃতি)

 

অন্য খবৰ পঢ়কঃ বিজেপিত দলত গৰু চোৰৰ লগতে ভোট চোৰো আছে- আৰু কি কি ক’লে গৌৰৱ গগৈয়…

ওকণিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, জানক সহজ উপায়
প্ৰস্ৰাৱৰ পাছত পানী খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা, জানক...
চজিনা পাতৰো আছে অসামান্য গুণ, দূৰ কৰিব পাৰে দেহৰ এনে চিন্তনীয় সমস্যা
এই ভিটামিনৰ অভাৱত দাঁতত পোক লাগে, জানক...