শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক, অংশ ল’লে তেজ হাজৰিকাই

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰয়িঙতো ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে উদ্যোগ লোৱা হৈছে। আজিৰ বৈঠকত অৰুণাচল প্ৰদেশ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনো উপস্থিত আছিল। উপ-মুখ্যমন্ত্ৰীগৰাকীৰ জৰিয়তে অৰুণাচল চৰকাৰক এনে পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক, অংশ ল’লে তেজ হাজৰিকাই
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক
monjit-dutta
Monjit Dutta | Updated On: 28 Aug 2025 19:27 PM

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ বাবে ৰাজ্য চৰকাৰে জোৰদাৰ গতিত প্ৰস্তুতি চলাইছে। অহা ৮ ছেপ্টেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী  অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ ল’ব।

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে আজি এক পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত মূল সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা ৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানৰ বাবে কেইবাটাও পৰিকল্পিত পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়৷

কেবিনেট সতীৰ্থ, জ্যেষ্ঠ বিষয়া আৰু মূল সমিতিৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৈঠকত তেওঁ লগতে উদযাপনৰ ভৱিষ্যৎ সফলতা নিশ্চিত কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিয়ে।

বৈঠকৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে ভূপেন হাজৰিকাৰ জীৱন, কর্ম তথা উত্তৰাধিকাৰক সন্মান জনোৱাৰ বাবে পৰিকল্পনা কৰা বিভিন্ন পদক্ষেপ আৰু কার্যসূচীৰ অগ্রগতিৰ বুজ লয়। শতবাৰ্ষিকী উদযাপনত ভাৰতীয় সংগীত, সংস্কৃতি, সমাজলৈ ড০ হাজৰিকাৰ অপৰিসীম অৱদান প্ৰতিফলিত হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই বৈঠকত অসমৰ লগতে অৰুণাচল প্রদেশ, কলকাতা, নতুন দিল্লী আৰু মুম্বাইত আয়োজন হ’বলগীয়া অনুষ্ঠানৰ বিষয়েও আলোচনা কৰা হয়। এই অনুষ্ঠানসমূহত বিশেষভাৱে যুৱক-যুৱতী, শিল্পী আৰু সাংস্কৃতিক সংগঠনসমূহক জড়িত কৰি ড° হাজৰিকাই তেখেতৰ কৰ্মৰাজিৰ মাজেৰে দি থৈ যোৱা ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হয়।

Core Committee Meeting

পৰ্যালোচনা বৈঠকৰ দৃশ্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে ভাৰত চৰকাৰে ভূপেন হাজৰিকাৰ সন্মানত ১০০ টকীয়া ৰূপৰ স্মাৰক মুদ্ৰা জাৰি কৰাৰ বাবে অনুমোদন জনাইছে। এই পদক্ষেপ কিংবদন্তি শিল্পীগৰাকীৰ সংগীত আৰু সংস্কৃতিৰ ক্ষেত্ৰত চিৰস্থায়ী অৱদানৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে।

পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক পৰিক্ৰমা বিভাগক শতবাৰ্ষিকী উদযাপনৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে অন্যান্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিবলৈও নিৰ্দেশ দিয়ে। লক্ষণীয়ভাৱে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰয়িঙতো ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে উদ্যোগ লোৱা হৈছে।

আজিৰ বৈঠকত অৰুণাচল প্ৰদেশ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনো উপস্থিত আছিল। উপ-মুখ্যমন্ত্ৰীগৰাকীৰ জৰিয়তে অৰুণাচল চৰকাৰক এনে পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ড° ভূপেন হাজৰিকাৰ স্মৃতিত এখন সংগ্ৰহালয়ৰ আধাৰশিলাও স্থাপন কৰা হ’ব বুলি তেওঁ সভাত অৱগত কৰে।

বৈঠকত আজি ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া, সাংস্কৃতিক প্ৰতিনিধি আৰু মূল সমিতিৰ সদস্যসকল উপস্থিত থাকে। ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকায়ো ভাৰ্চুৱেলি এই সভাত অংশগ্ৰহণ কৰে। অহা ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মূল শতবাৰ্ষিকী অনুষ্ঠানতো তেজ হাজৰিকা ৰাজ্যিক অতিথি হিচাপে উপস্থিত থাকিব।