শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসম জনসংঘ! কোনে ৰাজ্যত গঠন কৰিব নতুন আঞ্চলিক ৰাজনৈতিক দল?

অসমত শীঘ্ৰেই গঠন হোৱাৰ দিশে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। শেহতীয়াকৈ বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে এক ৰাজহুৱা সভা সম্বোধন কৰি বিজেপিক তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয় যে, বিজেপিৰ পৰা পুৰণি নেতাসকল পৰিকল্পনা অনুসৰি এলাগী হৈছে।

অসম জনসংঘ! কোনে ৰাজ্যত গঠন কৰিব নতুন আঞ্চলিক ৰাজনৈতিক দল?
ৰাজেন গোঁহাইImage Credit source: dainandin barta
barasha-sarma
Barasha Sarma | Published: 26 Dec 2024 18:01 PM

আহি থকা পঞ্চায়ত নিৰ্বাচন আৰু  ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল। কিন্তু ইয়াৰ পূৰ্বে আন এটা ৰাজনৈতিক দল গঠন কৰাৰ কুচকাৱাজ খুলিছে ৰাজ্যত। সূত্ৰ অনুসৰি জানিব পৰা মতে অসমত গঠন হ’ব পাৰে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। বিজেপিৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ নেতৃত্বত ‘অসম জন সংঘ’ নামে এটা দলে আত্মপ্ৰকাশ কৰাৰ তীব্ৰ সম্ভাৱনাই দেখা দিছে।

অৱশ্যে এয়া নতুন কথা নহয়, প্ৰায় ৩-৪ মাহ পূৰ্বেও একাংশই নতুন ৰাজনৈতিক দল খুলিব বুলি চিন্তা চৰ্চা কৰিছিল আৰু পাছলৈ গৈ অন্য দলত যোগদান কৰিছিল। যাৰ বাবে পৰৱৰ্তী সময়ত বন্ধ হৈ  পৰিছিল নতুন দল গঠনৰ কথা। কিন্তু শেহতীয়াকৈ পুনৰ এই বিষয়টো দাঙি ধৰিছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে।  শিৱসাগৰৰ বকতাত অনুষ্ঠিত এখন সভাত তেওঁ ৰাইজক সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ অভিযোগ তোলে যে বিজেপিয়ে ষড়যন্ত্ৰ কৰি পুৰণি নেতা-কৰ্মীক দলৰ পৰা আঁতৰাই পঠিয়াইছে।

তেওঁ কয়, লাহে লাহে দলটোত (বিজেপি)ত অন্যায় অবিচাৰ বৃদ্ধি পাবলৈ ধৰিলে। আমি এলাগী হ’লো। বহু পৰিকল্পনা কৰি পুৰণি নেতা কৰ্মীৰ অস্তিত্ব নোহোৱা কৰাৰ চেষ্টা কৰিছিল। এই পৰিকল্পনাৰ পৰিণাম স্বৰূপে মই সাংসদ টিকটৰ পৰা বঞ্চিত হ’লো। কেৱল মোৰ লগতে এনে হোৱা নাই। বিজেপিৰ প্ৰায় ভাগ পুৰণি কৰ্মীৰ লগত এনে হৈছে বুলি তেওঁ কয়।

উল্লেখ্য যে, বিজেপিৰ মাজৰ ন-পুৰণি নেতাৰ যুঁজখন আজিৰ নহয়। ন বিজেপি- পুৰণি বিজেপিৰ যুঁজখনৰ বাবেই বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত এসময়ৰ আৰ এছ এছৰ ভক্ত তথা বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। মুকলিকৈ বিজেপি, জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল তেওঁ।

কেৱল অশোক শৰ্মাই নহয়, বিজেপিৰ অসন্তুষ্ট নেতাৰ তালিতাক নাম আছিল আন বহুতৰ। ইয়াৰ ভিতৰতে এজন ৰাজেন গোঁহাই। ইয়াৰ পূৰ্বেও মুকলিকৈ ৰাজেন গোঁহাইয়ে বিজেপিৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। আনকি ৪ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত এইগৰাকী নেতাই ভাৰতীয় খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগো কৰিছিল। ইয়াৰোপৰি লোকসভা নিৰ্বাচনৰ দিনা নগাঁও সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু বিজেপিক সমালোচনা কৰি তেওঁ মন্তব্য কৰিছিল।

অৱশ্যে সেই সময়ত নতুন ৰাজনৈতিক দল সন্দৰ্ভত ৰাজেন গোঁহাইৰ ভূমিকা বেছি নাছিল। কিন্তু এইবাৰ যে আন এক লক্ষ্য  আগত ৰাখি ৰাজেন গোঁহাইয়ে বিজেপিৰ বিৰুদ্ধে থিয় দিয়ে। মন কৰিবলগীয়া যে, অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়ত প্ৰতিটো দলে নিজৰ শিপা মজবুত কৰি ৰখাৰ সকলো সম্ভৱপৰ প্ৰয়াসেই কৰি আছে। গতিকে বিজেপিৰ পুৰণি নেতাৰ মাজত দেখা দিয়া অসন্তুষ্টি হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে মষিমূৰ কৰে সেয়া সময়ত দেখা যাব।