অসমৰ পৰা ১.৭ লাখ অবৈধ ঘোষিত বিদেশীৰ ভিতৰত মাত্ৰ ৪৬৭ জনক বিতাড়ন, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মন্তব্য
আজিলৈকে ১.৭ লাখ অবৈধ ঘোষিত বিদেশী ভিতৰত মাত্ৰ ৪৬৭ জনকহে অসমৰ পৰা নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। এই মন্তব্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ।

বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা মুঠ অবৈধ বিদেশী নাগৰিকৰ ভিতৰত মাত্ৰ ৪৬৭ জনকহে অসমৰ পৰা বিতাড়ন কৰা হৈছে। গণৰাজ্য দিৱসৰ দিনটোত এই কথা উল্লেখ কৰিছে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। সোমবাৰে তেওঁ কয় যে, আজিলৈকে ১.৭ লাখ অবৈধ ঘোষিত বিদেশী ভিতৰত মাত্ৰ ৪৬৭ জনকহে অসমৰ পৰা নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। গণৰাজ্য দিৱসৰ এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ পাছতে তেওঁ কয় যে, বিগত বৰ্ষৰ ৩১ অক্টোবৰ পৰ্যন্ত প্ৰায় ৪.৩৫ লাখ সন্দেহযুক্ত নাগৰিকৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ হস্তান্তৰ কৰা হৈছে।
ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰা মতে, ইয়াৰ ভিতৰত ৩.৫ লাখতকৈ অধিক গোচৰ নিষ্পত্তি কৰা হৈছে, যাৰ ফলত নিৰ্দিষ্ট ভূখণ্ডৰ পৰা প্ৰায় ১.৭ লাখ লোকক অবৈধ বিদেশী বুলি ঘোষণা কৰা হৈছে। ভাষণ আচাৰ্যই কয় যে, মুঠ ৪৬৭ জন অবৈধ বিদেশীক বিতাড়নৰ প্ৰক্ৰিয়াৰ জৰিয়তে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। তেওঁ কয় যে, আজিলৈকে কাছাৰ, শ্ৰীভূমি, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত ভাৰত-বাংলাদেশ সীমান্তত বিএছএফ আৰু স্থানীয় আৰক্ষীৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে ১৪টা সীমান্ত আউটপোষ্ট আৰু ১৪টা টহল চকী কাৰ্যক্ষম হৈ আছে।
এই নিৰাপত্তা ব্যৱস্থাই অবৈধ অনুপ্ৰৱেশ আৰু সীমা অতিক্ৰম কৰা অপৰাধৰ বিৰুদ্ধে অসমৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিছে বুলিও তেওঁ লগতে কয়।
ইফালে, তিনিখন নতুন অপৰাধমূলক আইন- ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম (বিএছএ) ৰূপায়ণৰ ক্ষেত্ৰত অসমে বিশেষ অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয় যে, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল্যায়ন অনুসৰি নতুন অপৰাধমূলক আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে।
তেওঁ কয় যে,”প্ৰতি লাখ জনসংখ্যাৰ অপৰাধৰ হাৰ ২০২১ চনত ৩৭৯ৰ পৰা ২০২৫ চনত ১২১.৬লৈ হ্ৰাস পাইছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰো ২০২৪ চনত ১০,৫৪৬টা গোচৰৰ পৰা ২০২৫ চনত ৪,৪২৬টালৈ হ্ৰাস পাইছে।”ৰাজ্যপালগৰাকীয়ে আৰু কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কাৰাগাৰ আধুনিকীকৰণ প্ৰকল্পৰ অধীনত কামৰূপ জিলাৰ হাজোত ১৫০ জন কয়দী ৰাখিব পৰা উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰ নিৰ্মাণৰ কাম চলি আছে।
অসমৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত আচাৰ্যই কয় যে, বিগত পাঁচ বছৰত ৰাজ্যখনে দায়িত্বশীল বিত্তীয় ব্যৱস্থাপনা, স্থায়ী ৰাজহুৱা বিনিয়োগ আৰু সৰ্বাংগীন প্ৰগতিৰ পথ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, “এই প্ৰচেষ্টাসমূহে ৰাজ্যৰ অৰ্থনীতিৰ শক্তিশালী সম্প্ৰসাৰণত অৰিহণা যোগাইছে। নিৰন্তৰ মূল্যত ২০১৯-২০ৰ পৰা ২০২৪-২৫ চনৰ ভিতৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি এছ ডি পি) প্ৰায় ৪৫ শতাংশ বৃদ্ধি পাইছে, যিটো একে সময়ছোৱাত ৰাষ্ট্ৰীয় গড়তকৈ অধিক।”
বৰ্তমানৰ মূল্য অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰাজ্যৰ জি এছ ডি পি ৭ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে, যিটো ২০২০-২১ বিত্তীয় বৰ্ষৰ তুলনাত দুগুণতকৈও অধিক বুলি আচাৰ্যই কয়। তেওঁ লগতে কয় যে, যোৱা পাঁচ বছৰত মূলধনী ব্যয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে, ২০২০-২১ চনত প্ৰায় ১২,৫০০ কোটি টকাৰ পৰা ২০২৪-২৫ চনত ২৬,০০০ কোটি টকাৰ ওপৰলৈ বৃদ্ধি পাইছে।
২০২৩-২৪ বিত্তীয় বৰ্ষত দেশৰ সকলো ৰাজ্যৰ ভিতৰত অসমে সৰ্বাধিক ১৭.৪ শতাংশ বৃদ্ধিৰ হাৰ লাভ কৰিছে আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ জি এছ ডি পি বৃদ্ধিৰ ক্ষেত্ৰত শীৰ্ষ ছখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ অনুমান কৰা হৈছে বুলি ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, প্ৰাথমিক হিচাপ অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বৰ্তমানৰ মূল্যত অসমৰ জনমূৰি আয় প্ৰায় ১.৬ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে,যিটো যোৱা বছৰৰ তুলনাত ১০.৭ শতাংশ বৃদ্ধি।