এটি কলি, দুটি পাত আঁচনি কি ?

January 26, 2026

TV9 ASSAM

চাহ-বাগিচাৰ পৰিয়ালসমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে  “এটি কলি, দুটি পাত” কল্যাণমূলক আঁচনি মুকলি কৰিছে চৰকাৰে।

কল্যাণমূলক আঁচনি

তিনিচুকীয়া জিলাৰ ডুমডুমাত আনুষ্ঠানিকভাৱে “এটি কলি, দুটি পাত” কল্যাণমূলক আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনুষ্ঠানিকভাৱে মুকলি

 এই আঁচনিৰ অধীনত স্থায়ী হওক বা অস্থায়ী হওক প্ৰতিজন চাহ বাগিচাৰ শ্ৰমিকক এককালীন ৫ হাজাৰ টকা আৰ্থিক সহায় প্ৰদান কৰা হ’ব।

 ৫ হাজাৰ টকা 

চৰকাৰৰ তথ্য অনুসৰি, সমগ্ৰ অসমৰ ৬,০৩,৯২৭ গৰাকী চাহ শ্ৰমিক এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব বুলি আশা কৰা হৈছে।

উপকৃত হ’ব

ডুমডুমাৰ পৰা আৰম্ভ কৰা এই আঁচনিৰ অধীনত অহা ১০ দিনৰ ভিতৰত প্ৰতিজন যোগ্য শ্ৰমিকে ৫ হাজাৰ টকা আৰ্থিক সাহায্য লাভ কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে।

১০ দিনৰ ভিতৰত পাব

তিনিশ কোটিৰো অধিক টকা ব্যয়েৰে চাহ বাগিচাসমূহৰ ৬ লাখৰো অধিক শ্রমিক আৰু কৰ্মচাৰীলৈ প্ৰতিজনলৈ ৫,০০০ টকাকৈ এককালীন  বিত্তীয় সাহায্য প্ৰদান কৰিব চৰকাৰে।

ব্যয়

ইয়াৰ উপৰিও শৰ্মাই ঘোষণা কৰিছে যে, ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলত ১০০খন নতুন হাইস্কুল নিৰ্মাণ কৰিব। চাকৰি সংৰক্ষণ বৃদ্ধিৰো আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে। 

ঘোষণা

পঢ়িবলৈ ক্লিক কৰক

টোপনি ভাল হ'বলৈ কি কৰিব ?