টোপনি ভাল হ'বলৈ কি কৰিব ?

January 26, 2026

TV9 ASSAM

ভাল টোপনি শৰীৰ আৰু মন উভয়ৰে বাবে অপৰিহাৰ্য। ই স্মৃতিশক্তি শক্তিশালী কৰে, মানসিক চাপ কমায়, ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে আৰু গোটেই দিনটো শক্তি বজাই ৰাখে।

ভাল টোপনি

প্ৰতিদিনে একে সময়তে শোৱা আৰু সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত আপোনাৰ টোপনি ভাল হ'ব।

সময়

মোবাইল ফোন, লেপটপ বা টিভিৰ পৰা অহা নীলা পোহৰে টোপনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। শোৱাৰ এঘণ্টাৰ আগতে এই সমাগ্ৰীৰ পৰা আঁতৰি থাকক। 

মোবাইল ফোন

ৰাতি বেছি গধুৰ বা বেছি দেৰিকৈ খাদ্য খালে টোপনি ব্যাঘাত জন্মিব পাৰে। শোৱাৰ ২-৩ ঘণ্টাৰ আগতে লঘু আহাৰ খালে সঠিক হমজ শক্তি ভাল হ'ব আৰু ভাল টোপনি আহিব।

খাদ্যৰ সময়

সন্ধিয়া চাহ, কফি বা কেফেইনযুক্ত পানীয় খালে টোপনি বেয়া হ'ব পাৰে। ৰাতি টোপনি ভাল হ'বলৈ এই খাদ্য নিশা পৰিহাৰ কৰক।

কেফেইন

ম্লান পোহৰ, নিস্তব্ধতা আৰু আৰামদায়ক বিচনা সুস্থ টোপনিৰ বাবে অতি প্ৰয়োজনীয়। নিস্তব্ধ পৰিৱেশে দ্ৰুত গভীৰ টোপনি অহাত সহায় কৰে।

পৰিৱেশ

লঘু ব্যায়াম কৰক। যোগাসন, ধ্যান বা লঘু ষ্ট্ৰেচিঙে প্ৰাকৃতিক আৰু গভীৰ টোপনি অহাত সহায় কৰিব পাৰে।

লঘু ব্যায়াম কৰক

পঢ়িবলৈ ক্লিক কৰক

সঘনাই জিভা শুকাই গ'লে কি হয়?