পুনৰ ৯০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে, পৰিমাণ বৃদ্ধি ১ লাখ ৬৬ হাজাৰ ৮৫০ কোটি টকালৈ
Assam govt Loan: পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে অসম চৰকাৰ। ৪ মাৰ্চত ৯০০ কোটি টকা ঋণ লোৱাৰ পাছত পুনৰ ১১ মাৰ্চত ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

পুনৰ ঋণ ল’ব অসম চৰকাৰে। ঋণৰ টকাৰে ৰাজ্য চলাই থকা চৰকাৰখনে বাজেট দাখিলৰ পিছদিনাই পুনৰ ঋণ লোৱাৰ বাবে প্ৰস্তুতি চলাইছে। সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব ২০২৫-২৬ চনৰ পূৰ্ণাংগ বাজেট। ইয়াৰ পাছতেই মঙলবাৰে ৯০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে। অৱশ্যে এয়াই প্ৰথম নহয় প্ৰতিমাহে এবাৰ দুবাৰকৈ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে।
চলিত মাহৰ ৪ মাৰ্চত অসম চৰকাৰে ৯০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত অহা ১১ মাৰ্চত পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব। জানিব পৰা মতে, এই ঋণ চৰকাৰে ২০ বছৰৰ বাবে চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে ল’ব। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে প্ৰস্তাৱ দাখিল কৰিছে।
চলিত বছৰৰ ঋণৰ পৰিমাণ
- জানুৱাৰীত দুটা পৰ্যায়ত লোৱা ঋণৰ পৰিমাণ – ১০০০ কোটি
- ফেব্ৰুৱাৰীত লোৱা ঋণৰ পৰিমাণ- ৩৬৫০ কোটি টকা
- ৪ মাৰ্চত লোৱা ঋণৰ পৰিমাণ- ৯০০ কোটি
উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে চৰকাৰখনে অন্তিমটো মাহত এই বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ বাবে আগবাঢ়িছে। এনেকৈ চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি হ’বগৈ ১ লাখ ৬৬ হাজাৰ ৮৫০ কোটি টকা।
মুঠ ঋণৰ পৰিমাণ
কিছুদিন পূৰ্বে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে সদৰি কৰিছিল যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৪ হাজাৰ কোটিৰো অধিক টকাৰ ঋণ লৈছে ৰাজ্য চৰকাৰে । সমান্তৰালকৈ ঋণ পৰিশোধো কৰি আহিছে অসম চৰকাৰে। বিগত বিত্তীয় বৰ্ষত ৬,৯০০ কোটিতকৈ অধিক টকা ঋণ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে ।
এনে পৰিস্থিতিত এডভান্টেজ আছাম ২.০ অনুষ্ঠিত হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে ঋণ ল’বলৈ সাজু হৈছে চৰকাৰ। ১১ মাৰ্চত চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো ঋণ লোৱাৰ পাছত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ’বগৈ ১ লাখ ৬৬ হাজাৰ ৮৫০ কোটি টকা। উল্লেখ্য যে, এডভান্টেজ আছামৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমত বিনিয়োগৰ বাব ৫.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে। গতিকে অসমত যদি এনে পৰিমাণৰ বিনিয়োগ হয় তেন্তে ৰাজ্যৰ আৰ্থিক অৱস্থা পৰিবৰ্তন হ’ব আৰু ঋণ ল’বলগীয়া পৰিস্থিতি আহি নপৰিব।
উল্লেখ কৰা প্ৰয়োজন যে কাইলৈ অসম বিধানসভাত উত্থাপন হ’ব বাজেট। ইয়াৰোপৰি ২০২৬ চনত ৰাজ্য়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। তেনে পৰিস্থিতিত চৰকাৰে এই সময়চোৱাত নতুন হিতাধিকাৰী আঁচনি সৃষ্টি কৰি আৰু অধিক ঋণ ল’ব পাৰে বুলি অনুমান কৰিব পাৰি। যোৱা বৰ্ষত প্ৰকাশ পোৱা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনত অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্ৰত সকিয়নী প্ৰদান কৰিছিল, কিন্তু তাৰ পাছতো অসম চৰকাৰে ঋণ লোৱাৰ ধাৰাত কোনো সাল-সলনি কৰা নাই।
অন্য খবৰ পঢ়কঃ ২০২৪’ৰ অসম চৰকাৰৰ ঋণৰ তালিকা ! পৰিমাণ বৃদ্ধি ১,৫৮,৭৫০ কোটিলৈ
অন্য খবৰ পঢ়কঃ Assam govt: পুনৰ ২৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, মুঠ পৰিমাণ হ’বগৈ ১.৫৫ লাখ কোটিৰো অধিক