শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025: কোন বিভাগত কিমান সংখ্যক পদত দিয়া হ’ল নিযুক্তি! এক লাখ নিযুক্তি সন্দৰ্ভত বাজেটত তথ্য দিলে বিত্তমন্ত্ৰীয়ে

Assam Budget 2025: আজি বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ নিযুক্তি সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি সফলতাৰে পূৰণ কৰা বুলি উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, বৰ্তমানৰ ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্রক্রিয়াৰ জৰিয়তে ১,১৯,৮৯৯ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে।

Assam Budget 2025: কোন বিভাগত কিমান সংখ্যক পদত দিয়া হ’ল নিযুক্তি! এক লাখ নিযুক্তি সন্দৰ্ভত বাজেটত তথ্য দিলে বিত্তমন্ত্ৰীয়ে
বিত্তমন্ত্ৰী অজন্তা নেওগImage Credit source: social media
monjit-dutta
Monjit Dutta | Updated On: 10 Mar 2025 16:23 PM

অসম চৰকাৰে আজি বিধানসভাত দাখিল কৰিলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ নিযুক্তি সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি সফলতাৰে পূৰণ কৰা বুলি উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, বৰ্তমানৰ ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্রক্রিয়াৰ জৰিয়তে ১,১৯,৮৯৯ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে। সমান্তৰালকৈ আৰু কিছু পদত নিযুক্তি প্ৰদানৰ বাবে চৰকাৰ সাজু হৈছে বুলিও তেওঁ তথ্য প্ৰকাশ কৰে।

বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিলৰ সময়ত ৰাজ্য চৰকাৰে শেহতীয়া সময়ছোৱাত কোন বিভাগত কিমানসংখ্যক পদত নিযুক্তি প্ৰদান কৰিছে, সেই সন্দৰ্ভত তথ্য দাখিল কৰে। এই তথ্য অনুসৰি ২০২১ চনৰ পৰা বৰ্তমানৰ চৰকাৰে বিদ্যালয় শিক্ষা বিভাগত সৰ্বাধিক ৫৫,৮৫৬ টা পদত নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পিছতে গৃ্হ আৰু ৰাজনৈতিক বিভাগত দ্বিতীয় সৰ্বাধিক ১৭,৯৮০ টা পদত নিযুক্তি প্ৰদান কৰা হৈছে।

বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা অনুসৰি, বিভিন্ন বিভাগত নিযুক্তিৰ বিৱৰণ এনেধৰণৰ-

প্রশাসনিক সংস্কাৰ, প্রশিক্ষণ আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগঃ ৩৭

কৃষি বিভাগঃ ১৫৩

পশু পালন আৰু পশু চিকিৎসা বিভাগঃ ১,৯১১

বড়োলেও ক্ষেত্রীয় পৰিষদঃ ৩,৮৮২

সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগঃ ৬

সমবায় বিভাগঃ ৩৭১

সাংস্কৃতিক পৰিক্ৰমা বিভাগঃ ১০৩

নির্বাচন বিভাগঃ ১২

পৰিবেশ আৰু বন বিভাগঃ ৩,৩৯৫

আবকাৰী বিভাগঃ ৩৩৭

বিত্ত বিভাগঃ ১,৫৬১

মীন বিভাগঃ ১৫৫

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগঃ ২৯৭

সাধাৰণ প্রশাসন বিভাগঃ ১,৫০৩

ৰাজ্যপালৰ সচিবালয় বিভাগঃ ১০

হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগঃ ৬২০

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগঃ ৫,৫২২

উচ্চ শিক্ষা বিভাগঃ ৪,১১২

পার্বত্য অঞ্চল বিভাগঃ ৫

গৃহ আৰু ৰাজনৈতিক বিভাগঃ ১৭,৯৮০

গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগঃ ৪০৪

খিলঞ্জীয়া তথা জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগঃ ৫০

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগঃ ২৮৭

তথ্য প্রযুক্তি বিভাগঃ ৬

তথ্য, জনসংযোগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগঃ ১০০

জলসিঞ্চন বিভাগঃ ১,৬৯৪

ন্যায়িক বিভাগঃ ১২

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদঃ ৮৪২

শ্রমিক কল্যাণ বিভাগঃ ২৫১

বিধায়িনী বিভাগঃ ২৩

চিকিৎসা বিজ্ঞান শিক্ষা আৰু গৱেষণা বিভাগঃ ৩,২৭৯

খনি আৰু খনিজ সম্পদ বিভাগঃ ৯৯

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদঃ ৭৬৭

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগঃ ২,১৫৯

কর্মচাৰী বিভাগঃ ২৭১

শক্তি বিভাগঃ ৪৯৮

জনস্বাস্থ্য কাৰিকৰী বিভাগঃ ৮২২

লোক নির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগঃ ১,৭৯১

লোক নির্মাণ (পথ) বিভাগঃ ২,৭৩০

ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগঃ ৮৭৫

বিদ্যালয় শিক্ষা বিভাগঃ ৫৫,৮৫৬

বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগঃ ৬

দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগঃ ৩৯৬

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগঃ ২১

ভূমি সংৰক্ষণ বিভাগঃ ১৮৮

ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগঃ ২৭১

চাহ জনজাতি কল্যাণ বিভাগঃ ১

পর্যটন বিভাগ বিভাগঃ ১৩২

ৰূপান্তৰ আৰু উন্নয়ন বিভাগঃ ৪১৬

পৰিবহণ বিভাগঃ ৩২৯

জনজাতি পৰিক্ৰমা বিভাগঃ ২৮২

জলসম্পদ বিভাগঃ ২,৬৬৭

সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগঃ ১

মহিলা আৰু শিশু বিকাশ বিভাগঃ ৪০১

এইদৰে ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা সর্বমুঠ ১,১৯,৮৯৯টা পদত নিযুক্তি দিয়াৰ পিছত এতিয়া অধিক নিযুক্তি প্রদানৰ দিশে চৰকাৰ আগবাঢ়িছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। সেই অনুসৰি ইতিমধ্যে ৪০,৬৯৭ টা পদৰ বিজ্ঞাপন প্রকাশ হৈছে আৰু ইয়াৰ দ্বাৰা চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা ১,৬০,৫৯৬ লৈ বৃদ্ধি হ’বলৈ গৈ আছে বুলি অজন্তা নেওগে লগতে কয়।