শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৯ বছৰত বিজেপিয়ে লাভ কৰিলে ৩৫ টা চৰকাৰী ভূমি আবণ্টন…

যোৱা ৯ বছৰত কাৰ্যালয় নিৰ্মাণৰ বাবে বিজেপিক ভূমি আবণ্টন দিয়াৰ তথ্য বিধানসভাত দাখিল কৰিছে মন্ত্ৰী কেশৱ মহন্তই। এই সন্দৰ্ভত বিধানসভাত প্ৰশ্ন কৰিছিল অখিল গগৈয়ে।

৯ বছৰত বিজেপিয়ে লাভ কৰিলে ৩৫ টা চৰকাৰী ভূমি আবণ্টন…
manas-borah
Manas Borah | Published: 28 Nov 2025 23:42 PM

২০১৬ চনৰ পৰা ৰাজ্যৰ ৩৫ টা স্থানত বিজেপিৰ কাৰ্যালয় স্থাপনৰ বাবে চৰকাৰী ভূমি আবণ্টন দিয়া হৈছে। শুকুৰবাৰে বিধানসভাত এই তথ্য় দাখিল কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই । একে সময়ছোৱাত কেইবাখনো জিলাত ৰাজনৈতিক দলকে ধৰি আন ১৩টা সংগঠনক চৰকাৰী ভূমি আবণ্টন দিয়া হৈছিল বুলিও তেওঁ কয়।

বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিক আবণ্টন দিয়া ৩৫টা প্লটৰ ভিতৰত ৫টাকৈ সৰ্বাধিক প্লট ডিব্ৰুগড় আৰু নলবাৰী জিলাত দিয়া হৈছে। ধুবুৰী, কামৰূপ মহানগৰ আৰু শোণিতপুৰ জিলাত তিনিটাকৈ ভূমি আবণ্টন দিয়া হয়।

২০১৬ চনৰ ১০ মে’ৰ পৰা আজিলৈকে এই সময়ছোৱাত ১৩টা স্থানত চৰকাৰী ভূমি আন সংগঠনক আবণ্টন দিয়া হৈছিল। এই আবণ্টনসমূহৰ ভিতৰত সাতটা আবণ্টন ধুবুৰী জিলাত কৰা হৈছিল।

আবণ্টন লাভ কৰা সংগঠনসমূহৰ ভিতৰত বিজেপিৰ মিত্ৰ অসম গণ পৰিষদ (অগপ), কংগ্ৰেছ আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাও অন্তৰ্ভুক্ত।

ইফালে, অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বশিষ্ঠৰ বিজেপি কাৰ্যালয় নিৰ্মাণৰ বাবে ৪ বিঘা চৰকাৰী ভূমি ল’লে বিজেপিয়ে। অসমৰ ৬ লাখ মানুহ মথাউৰিৰ ওপৰত বাস কৰে । কিন্তু বিজেপিৰ অফিচ বনাবলৈ ভূমি দান চলি আছে। ৰাজ্যৰ বিভিন্ন স্থানত বিজেপি কাৰ্যালয় নিৰ্মাণৰ বাবে কিমান মাটি আবণ্টন দিয়া হৈছিল বুলি প্ৰশ্ন কৰিছিল অখিল গগৈয়ে।

তেওঁ অভিযোগ কৰে যে, “মোৰ প্ৰশ্ন আছিল বিজেপি কাৰ্যালয় নিৰ্মাণৰ বাবে কিমান মাটি আবণ্টন দিয়া হৈছিল? এই প্ৰশ্ন কৰাৰ লগে লগে মোক অধ্যক্ষই নিলম্বন কৰি দিয়ে।”