আজিৰে পৰা ১০ দিনীয়াকৈ শিশুৰ স্বাস্থ্যসেৱা শিবিৰৰ আয়োজন কৰিছে অসম চৰকাৰে, কোন তাৰিখে কোন জিলাত উপলব্ধ হ’ব এই সেৱা ?
সামাজিৰ মাধ্যম এক্সত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে, ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈকে শিশু সকলৰ হৃদৰোগ আৰু তেজৰ লগত জড়িত সমস্যা চিনাক্ত কৰি তেওঁলোকৰ চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াবলৈ বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে । অভিভাৱকসকলক স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ বাবে ওচৰৰ স্ক্ৰীনিং কেম্পলৈ শিশুটিত লৈ অনাৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী শৰ্মাই ।
আজিৰে পৰা শিশু হৃদৰোগ আৰু তেজৰ লগত জড়িত সমস্যা চিনাক্ত কৰাৰ লক্ষ্যৰে ১০ দিনীয়াকৈ স্বাস্থ্যসেৱা শিবিৰৰ আয়োজন কৰিছে অসম চৰকাৰে । এই শিবিৰৰ জৰিয়তে চৰকাৰে আৰ্তজনৰ বাবে তেওঁলোকৰ চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰিব । সামাজিক মাধ্যম এক্সত এই কথা উল্লেখ কৰি প্ৰতিটো শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে চৰকাৰৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিৰ মাধ্যম এক্সত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে, ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈকে শিশু সকলৰ হৃদৰোগ আৰু তেজৰ লগত জড়িত সমস্যা চিনাক্ত কৰি তেওঁলোকৰ চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াবলৈ বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে । অভিভাৱকসকলক স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ বাবে ওচৰৰ স্ক্ৰীনিং কেম্পলৈ শিশুটিত লৈ অনাৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী শৰ্মাই ।
Our aim is to ensure the good health of every child in Assam.
From 1st-10th Sept, we are organizing special camps to identify children with heart & blood related illness and chalk out their treatment plan.
Encourage parents to bring their children to the nearest screening camp.… pic.twitter.com/cfo23CXhin
— Himanta Biswa Sarma (@himantabiswa) September 1, 2024
সূত্ৰৰ খবৰ অনুসৰি, ১০০ শতাংশ স্বাস্থ্যসেৱাৰ সহায় নিশ্চিত কৰা বাবে প্ৰয়োজন অনুসৰি ৰোগীসকলক নিৰ্দিষ্ট চিকিৎসালয়লৈ ৰেফাৰেল সেৱা আগবঢ়োৱা হ’ব। ইয়াৰ লগতে ০-১৪ বছৰ বয়সৰ ভিতৰৰ হাড়ৰ মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা, লিউকেমিয়া, থেলাছেমিয়া আৰু তেজৰ সমস্যাত আক্ৰান্ত শিশুক সাহায্য প্ৰদান কৰিব চৰকাৰে । তদুপৰি জন্মগত ০-১৮ বছৰৰ ভিতৰৰ শিশুৰ হৃদৰোগৰ চিকিৎসাৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা উপলব্ধ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
সূত্ৰৰ অনুসৰি, ১ ছেপ্টেম্বৰ তাৰিখে জি এম চি এইচ, গুৱাহাটী; কামৰূপ মেট্ৰ’, কামৰূপত স্বাস্থ্য শিবৰ আয়োজন কৰিব চৰকাৰে । ইয়াৰ সমান্তৰালভাৱে ২ ছেপ্টেম্বৰত এন এম চি এইচ, নলবাৰী, বাকছা, ৩ ছেপ্টেম্বৰত FAAMCH, বৰপেটা ; বৰপেটা, বঙাইগাঁও, বজালী, ডি এম চি এইচ, ধুবুৰী; ধুবুৰী, দক্ষিণ ছালমাৰা-মানকাচৰ, গোৱালপাৰা, ৪ ছেপ্টেম্বৰত কে এম চি এইচ, কোকৰাঝাৰ; কোকৰাঝাৰ, চিৰাং, ৫ ছেপ্টেম্বৰত এন এম চি এইচ, নগাঁও; নগাঁও, মৰিগাঁও, হোজাই, ৫ ছেপ্টেম্বৰত টি এম চি এইচ, তেজপুৰ; শোণিতপুৰ, দৰং, বিশ্বনাথ, উদালগুৰি, ৬ ছেপ্টেম্বৰত জে এম চি এইচ, যোৰহাট; যোৰহাট, গোলাঘাট, শিৱসাগৰ, মাজুলীত স্বাস্থ্যসেৱাৰ শিবিৰৰ আয়োজন কৰাৰ ব্যৱস্থা কৰিছে ।
ইয়াৰ সমান্তৰালভাৱে, ৭ ছেপ্টেম্বৰত এল এম চি এইচ, লখিমপুৰ; ধেমাজি, লখিমপুৰ, এ এম চি এইচ, ডিব্ৰুগড়; ডিব্ৰুগড়, চৰাইদেউ, ৮ ছেপ্টেম্বৰত টি এম চি এইচ, তিনিচুকীয়া; তিনিচুকীয়া, ৯ ছেপ্টেম্বৰত এছ এম চি এইচ, চিলচৰ; হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ আৰু ১০ ছেপ্টেম্বৰত ডি এম চি এইচ, ডিফু; ডিমা হাচাও, কাৰ্বি আংলং স্বাস্থ্যসেৱাৰ শিবিৰৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে ।