5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কাজিৰঙাত পৰ্যটকক আতিথ্যৰ বাবে টাটা গ্ৰুপৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ অসম চৰকাৰৰ

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, টাটা গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে অসম চৰকাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বমানৰ পৰ্যটনৰ সুবিধা প্ৰদান কৰা। "আজি কাজিৰঙাত হোটেলৰ অভাৱত মানুহ বেছি দিন নাথাকে। উচ্চমানৰ হোটেলৰ জৰিয়তে পৰ্যটকসকলে অধিক দিন থাকিব পাৰিব আৰু ইয়াৰ ফলত অসমত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ।"

কাজিৰঙাত পৰ্যটকক আতিথ্যৰ বাবে টাটা গ্ৰুপৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ অসম চৰকাৰৰ
টাটা গ্ৰুপৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি
Follow Us
manas-borah
Manas Borah | Updated On: 03 Aug 2024 18:53 PM

জাগীৰোডত নিৰ্মাণ হ’ব এখন নতুন টাজ হোটেল । ইয়াৰ লগতে কাজিৰঙাত পঞ্চ তাৰকা হোটেল নিৰ্মাণৰ বাবে টাটা গ্ৰুপৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে অসম চৰকাৰে । অসমৰ পৰ্যটন ক্ষেত্ৰ আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে । জাগীৰোডত টাজ হোটেল নিৰ্মাণৰ বাবে টাটা গ্ৰুপৰ প্ৰচেষ্টাত অসম চৰকাৰে সহযোগিতা আগবঢ়াব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয়, বৰ্তমানৰ গুৱাহাটী বিভান্তাক তাজ হোটেললৈ উন্নীতকৰণ আৰু জাগীৰোডত আন এখন তাজ হোটেল সংযোজন কৰা টাটা গ্ৰুপৰ প্ৰচেষ্টাক ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব।

ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, টাটা গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে অসম চৰকাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বমানৰ পৰ্যটনৰ সুবিধা প্ৰদান কৰা। “আজি কাজিৰঙাত হোটেলৰ অভাৱত মানুহ বেছি দিন নাথাকে। উচ্চমানৰ হোটেলৰ জৰিয়তে পৰ্যটকসকলে অধিক দিন থাকিব পাৰিব আৰু ইয়াৰ ফলত অসমত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ।” এই উদ্দেশ্যৰে কাজিৰঙাত তাজ হোটেল নিৰ্মাণ কৰাৰ বাবে  টাটা গ্ৰুপৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই তাজ হোটেলৰ নিৰ্মাণৰ দ্বাৰা অসমৰ পৰ্যটক সকলক আতিথ্যৰ বাবে অধিক সুবিধা হ’ব বুলি কয় ।

ইফালে,অসমত উচ্চমানৰ থকাৰ ব্যৱস্থা জিঞ্জাৰ হোটেলৰ পৰা আৰম্ভ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, জিঞ্জাৰ হোটেলৰ পাছত অসমত বিভান্টা আহিল । বিভান্টাক এতিয়া তাজ হোটেললৈ উন্নীত কৰা হ’ব। এই প্ৰকল্পসমূহৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আমাৰ পৰ্যটন বিভাগে টাটা গ্ৰুপৰ সৈতে যোগাযোগত থাকিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, আজি ভূমি পূজন হোৱা জাগীৰোডৰ ছেমি কণ্ডাক্ট প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত যথেষ্ট অৱদান আগবঢ়োৱা বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়, “অসমৰ অর্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰটো ইতিহাসৰ প্ৰথম। ইয়াত এই প্ৰকল্পটো স্থাপনৰ বাবে টাটা গ্ৰুপৰ বাবে বাধ্যতামূলক নাছিল । কিন্তু তেওঁলোকে ছেমি কণ্ডাক্ট প্ৰকল্প ইয়াতেই স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। অসমৰ প্ৰগতিৰ বাবে এয়া এক ডাঙৰ খবৰ।” এই প্ৰকল্পৰ বাবে টাটা গ্ৰুপক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News