পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী! কিদৰে কৰিব আবেদন?
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী। ৬ আৰু ৮ নৱেম্বৰত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটী। ৭ নৱেম্বৰ ষট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
২০২২ চনৰ পৰা ৰাজ্য চৰকাৰে সকলো কৰ্মচাৰীকে মাতৃ-পিতৃৰ সৈতে সময় কটাবলৈ আৰু মাতৃ-পিতৃ বন্দনা পালন কৰিবলৈ ছুটী প্ৰদান কৰি আহিছে। এই বছৰত কৰ্মচাৰীসকলে এই ছুটী ৬ আৰু ৮ নৱেম্বৰত লাভ কৰিব পাৰিব৷ ইয়াৰ লগে আন তিনিটা দিনৰো সুবিধা লাভ কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী।
ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী। ৬ আৰু ৮ নৱেম্বৰত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটী। ৭ নৱেম্বৰ ষট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলগে পাঁচদিনৰ বন্ধৰ সুবিধা লাভ কৰিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিবে চৰকাৰী সকলো বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰযোগে চৰকাৰী বিশেষ ছুটীৰ নিৰ্দেশনাৰ বিষয়ে সদৰী কৰা হৈছে ।
নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত চলিত বৰ্ষৰ বাবে দুদিনৰ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰা হৈছে ।সেই অনুসৰি ৬ নৱেম্বৰ আৰু ৮ নৱেম্বৰত এই বিশেষ ছুটীৰ ব্যৱস্থা কৰা হৈছে । এই দুদিন ছুটীৰ লগতে ৭ নৱেম্বৰৰ ষঠ পূজাৰ বন্ধ আৰু ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰৰ বন্ধ লাভ কৰিব । পাঁচদিন সময় মাতৃ-পিতৃক দিব পাৰিব । এই বিশেষ ছুটীৰ বাবে আবেদন কৰিবলৈ প’ৰ্টেল মুকলি কৰা হৈছে । মাতৃ-পিতৃৰ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটী ল’ব বিচৰা কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in প’ৰ্টেলত আবেদন কৰিব লাগিব । আবেদনৰ বাবে প’ৰ্টেল মুকলি কৰা হৈছে ।
কিদৰে কৰিব আবেদন?
- প্ৰথমে https://matripitrivandana.assam.gov.in ৱেবছাইটলৈ যাওক
- পঞ্জীয়ন বুটামত ক্লিক কৰক আৰু পঞ্জীয়নৰ বাবে তথ্য প্ৰদান কৰক
- পঞ্জীয়নৰ সময়ত ব্যৱহৃত ম’বাইল নম্বৰ দিয়ক
- পঞ্জীয়নভুক্ত ম’বাইল নম্বৰত OTP প্ৰেৰণ কৰা হব।
- প্ৰৱেশৰ বাবে OTP ব্যৱহাৰ কৰক। ৬/
- লগইন কৰাৰ পিছত Apply বুটামত ক্লিক কৰি ছুটীৰ বাবে আবেদন কৰক আৰু ফৰ্মত ছুটীৰ সবিশেষ পূৰণ কৰক।
- Apply বিকল্প চাবলৈ View Details বুটামত ক্লিক কৰক
- এপ্লিকেচন Generate কৰিবলৈ Generate বুটামত ক্লিক কৰক। য’ত বিভাগীয় মুৰব্বী আৰু আৱেদনকাৰীৰ স্বাক্ষৰ কৰিব লাগিব।
- ছুটী উপলব্ধ হোৱাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে স্বাক্ষৰৰ সৈতে ফটো আপলোড কৰিবলৈ আপলোড বুটামত ক্লিক কৰিব লাগিব।