5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈ কোন? কিয় হত্যা কৰা হ’ল গুৱাহাটীৰ মায়াক?

উদ্ধাৰ হ'ল বাংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ পৰিচয়। মায়া গগৈৰ পৰিচয়ক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী আছিল মায়া গগৈ। বহু বছৰ ধৰি বেংগালুৰুত আছিল মায়া গগৈ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী । মাতৃৰ মৃত্যুৰ পাছত মোমায়েকৰ তত্বাৱধানত আছিল দুই ভগ্নী।

বাংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈ কোন? কিয় হত্যা কৰা হ’ল গুৱাহাটীৰ মায়াক?
কোন আছিল বাংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈ?
trishna-kalita
Trishna Kalita | Updated On: 30 Nov 2024 11:42 AM

উদ্ধাৰ হ’ল বাংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ পৰিচয়। মায়া গগৈৰ পৰিচয়ক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী আছিল মায়া গগৈ। বহু বছৰ ধৰি বাংগালুৰুত আছিল মায়া গগৈ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী । মাতৃৰ মৃত্যুৰ পাছত মোমায়েকৰ তত্বাৱধানত আছিল দুই ভগ্নী। উচ্চতৰ মাধ্যমিক ৫টা বিষয়ত লেটাৰসহ সন্দিকৈ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল মেধাৱী ছাত্ৰী মায়া গগৈ।

শেহতীয়াকৈ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰিছিল মায়াই। কিন্তু প্ৰথম মাহৰ দৰমহা নাপাওঁতেই হত্যাৰ বলি হ’ল মায়া গগৈ। ইতিমধ্যে বেংগালুৰুতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মায়াৰ। হত্যাৰ বলি হোৱা মায়া গগৈ আছিল ব্লগাৰো। মায়া গগৈৰ মৃতদেহ উদ্ধাৰৰ পিছতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল আৰু মায়াৰ সৈতে সম্পৰ্কত থকা আৰৱ হানয় নামৰ এজন যুৱক এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি অভিযোগ উত্থাপন হৈছিল। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও পলাতক অৱস্থাত আছিল অভিযুক্ত আৰৱ।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাত অভিযুক্ত মায়াৰ প্ৰেমিকক। যোৱা ২৬ নৱেম্বৰত বেংগালুৰুৰ এটা ফ্লেটত ১৯ বছৰীয়া মায়াক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক আৰভে। কেৰালাৰ কন্নৰৰ বাসিন্দা মায়াৰ প্ৰেমিক আৰভ হানয় । ৰাজ্যৰ বাহিৰৰ পৰা অভিযুক্ত আৰৱক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। শুকুৰবাবে নিশাৰ ভাগত ধৃত আৰৱক বাংগালুৰুলৈ অনাৰ সম্ভাৱনা আছে বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।  বেংগালুৰুৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানত ছাত্ৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল আৰৱে।

অভিযুক্ত আৰৱে সামাজিক মাধ্যম যোগে মায়া গগৈৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল আৰু যোৱা প্ৰায় ছয় মাহ তেওঁলোক সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকৰ মাজত কোনো বিবাদ হোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বেংগালুৰুত ৰহস্যজনত অৱস্থাত উদ্ধাৰ হৈছিল অসমৰ  ১৯ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ । নিহত যুৱকগৰাকীক গুৱাহাটীৰ মায়া গগৈ বুলি চিনাক্ত কৰা হৈছিল। ইন্দিৰানগৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল মায়া গগৈৰ মৃতদেহ ।  চাৰ্ভিচ এপাৰ্টমেণ্টটোৰ কৰ্মচাৰীসকলে কোঠাটোৰ পৰা দুৰ্গন্ধৰ ওলোৱা দেখি সন্দেহৱশতঃ তলা খুলি কোঠাটোত সোমায়। কোঠাত প্ৰৱেশ কৰাৰ পিছতে মায়াৰ মৃতদেহ উদ্ধাৰ কৰে কৰ্মচাৰীসকলে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। মৃতদেহত একাধিক আঘাতৰ চিন আছিল, যিটো ছুৰীৰে আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে । লগতে যুৱতীগৰাকীয়ে মূৰত আঘাত পোৱা বুলি সদৰী কৰিছিল আৰক্ষীয়ে ।

Latest News