মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰূপে শপত ল’লে ৪ বিধায়কে
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান। দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই শপতবাক্য পাঠ কৰোৱায় চাৰিগৰাকী নতুন মন্ত্ৰীক।
মন্ত্ৰী হিচাপে শপত ল’লে বিজেপিৰ ৪ বিধায়কে৷ প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, ৰূপেশ গোৱালাৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান। দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই শপতবাক্য পাঠ কৰোৱায় চাৰিগৰাকী নতুন মন্ত্ৰীক।
শপত গ্ৰহণৰ পাছতেই মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সৈতে একেলগে ফটো উঠিলে নতুন ৪ মন্ত্ৰীয়ে৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ লগতে আন আন মন্ত্ৰী-বিধায়কসকল।
সামাজিক মাধ্যমযোগে আটাইকে শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, ” আজি শপত গ্ৰহণ কৰা প্ৰতিগৰাকী সতীৰ্থ মন্ত্ৰীলৈ আন্তৰিক অভিনন্দন। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত অসমৰ দৃষ্টিভংগীক ধিয়াই নৱনিযুক্ত মন্ত্ৰীসকলৰ সৈতে ন উৎসাহেৰে কাম কৰিবলৈ আমি অগ্ৰসৰ হৈছোঁ৷”
Congratulations to all my colleagues who have taken oath today.
Looking forward to working with them to fulfill Adarniya Shri @narendramodi ji’s vision of a Viksit Assam.
#Govt4Growth pic.twitter.com/ziJaoq0Ady
— Himanta Biswa Sarma (@himantabiswa) December 7, 2024
ইফালে মন্ত্ৰিত্বৰ শপত লোৱাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালেকয়, “খুব আনন্দ লাগিছে। মা কামাখ্যৰ আশীৰ্বাদ লৈ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলো। মুখ্যমন্ত্ৰীয়ে যি দায়িত্ব দিব, নিষ্ঠা সহকাৰে পালন কৰিম৷”
মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই ৰূপেশ গোৱালাই সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয়, ” আজিৰ পৰা দায়িত্ব বাঢ়িল। আগতে বিধায়ক হিচাপে কাম কৰি আছিলোঁ। এতিয়া ৰাজ্যৰ এগৰাকী মন্ত্ৰী হিচাপে অসমৰ ৰাইজৰ সেৱা কৰাক সুযোগ পাইছোঁ। নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰি যাবলৈ যত্ন কৰিম।”
মন্ত্ৰী হিচাপে শপত লৈ প্ৰশান্ত ফুকনে ক’লে, “শপতগ্ৰহণ ভালদৰে হৈ গ’ল। বাকী কথা সন্ধিয়া কেবিনেট বৈঠকত আলোচনা কৰা হ’ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে সকলো দায়িত্ব সুন্দৰভাৱে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ।”
ইফালে শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় সদ্য পদত্যাগী মন্ত্রী সঞ্জয় কিষাণে। সাংবাদিকৰ আগত তেওঁ কয়, ‘বহু কাম কৰিবলৈ বাকী থাকিল। ৰূপেশ গোৱালাক বুজাই দিছো কেনেদৰে কামবোৰ কৰিব লাগে।’
উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰিছিল নতুনকৈ মন্ত্ৰিত্ব পাবলগীয়া ৪গৰাকী বিধায়কৰ নাম ৷ পাছতে পদত্যাগ কৰিছিল চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে। সদ্য পদত্যাগী মন্ত্রী সঞ্জয় কিষাণক দিয়া হৈছে খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব।