শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গোলাঘাটত ভদীয়া বানৰ কালৰূপ ! বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ২২ হাজাৰৰো অধিক লোক…

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও আৰু ৪,১৯০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে।

গোলাঘাটত ভদীয়া বানৰ কালৰূপ ! বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ২২ হাজাৰৰো অধিক লোক…
ভদীয়া বান
manas-borah
Manas Borah | Published: 17 Sep 2025 11:35 AM

ৰাজ্যত ভদীয়া বানৰ কালৰূপ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও আৰু ৪,১৯০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। হতাহতৰ ভিতৰত দুজনৰ মৃত্যু আৰু ৫০ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে, কেৱল শোণিতপুৰ জিলাতে ৩৩ হাজাৰতকৈ অধিক পশুৰ ক্ষতি হৈছে।

বানৰ কৱলত পৰিছে ২২,০১৬ জন লোক। ইয়াৰ ভিতৰত ৮,৯৮০ জন পুৰুষ, ৮,১৯৯ জন মহিলা আৰু ৪,৮৩৭ জন শিশু। বৰ্তমানলৈকে ১১৩টা সাহায্য শিবিৰত ৬,৮৩৮ জন আশ্ৰয় দিয়া হৈছে, আনহাতে প্ৰায় ৪৭,৬৪৪ জনক সাহায্য বিতৰণৰ কেন্দ্ৰৰ জৰিয়তে সহায় কৰা হৈছে।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে গোলাঘাট জিলা। জিলাখনৰ ১২,০০৪ জন লোক বানত প্ৰভাৱিত হৈছে আৰু দুজনৰ মৃত্যু হৈছে।এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ২৭খন নাও নিয়োগ কৰি ১৮০০ৰো অধিক লোক আৰু পশুধন উদ্ধাৰ কৰে।

বিশ্বনাথ জিলাত প্ৰায় ৫,৯৩১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। কাৰ্বি আংলঙত প্ৰায় ২৫০০ লোক ক্ষতিগ্ৰস্ত। নগাঁৱত ২১৮ জন লোক প্ৰভাৱিত হৈছে। কাছাৰত কেৱল সোণাই ব্লকতে ৭৩খন গাঁও ডুব যোৱাৰ ফলত ৬০০ৰো অধিক লোক গৃহহীন হৈ পৰে আৰু ছয় হেক্টৰ মীনপালন ধ্বংস হয়। ইফালে বিভাগীয় কৰ্তৃপক্ষই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শিশু খাদ্য, পশু চিকিৎসা সেৱা-খাদ্যৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।