বিয়াৰ প্ৰলোভনেৰে দৈহিক সম্পৰ্ক! এচিএছ পাৰ্থ প্ৰতিমৰ বিৰুদ্ধে যৌন শোষণ তথা প্ৰতাৰণাৰ অভিযোগ তুলিলে কোনে?
মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মন আৰু তেওঁৰ পত্নী তথা গোলকগঞ্জ চিডিচিৰ সহকাৰী আয়ুক্ত দেৱসেনা বৰ্মনৰ বিৰুদ্ধে অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে।

ৰাজপত্ৰিত বিষয়া নূপুৰ বৰাৰ দুৰ্নীতিক লৈ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে এইবাৰ চৰ্চালৈ আহিছে আন এগৰাকী ৰাজপত্ৰিত বিষয়া। মানকাচৰৰ ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। নাম প্ৰকাশৰ পৰা বিৰত থকা যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি পাৰ্থ প্ৰতিম বৰ্মনে তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰ উপৰিও শাৰীৰিক নিৰ্যাতন চলোৱা বুলি চাঞ্চল্যকৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। বিষয়াগৰাকীৰ পত্নীকো এই অভিযোগত সাঙুৰি লোৱা বুলি জানিব পৰা গৈছে।
সোমবাৰে মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ধুবুৰীৰ এই যুৱতীগৰাকীয়ে এই অভিযোগ তোলে। কাৰ্যালয়ত উপস্থিত হৈয়েই প্ৰথমে বিষয়াগৰাকীৰ সৈতে তীব্ৰ বাকযুদ্ধত লিপ্ত হয় যুৱতীগৰাকী। তাৰ পাছতেই বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে কাৰ্যালয় ত্যাগ কৰি পলায়ন কৰা বুলিও দাবী কৰিছে এইগৰাকী যুৱতীয়ে। জানিব পৰা মতে পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে দক্ষিণ শালমৰা মানকাচৰ জিলা আয়ুক্তৰ উপৰিও আৰক্ষী অধীক্ষক আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তলৈও লিখিত অভিযোগ প্ৰেৰণ কৰে যুৱতীগৰাকীয়ে।
মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মন আৰু তেওঁৰ পত্নী তথা গোলকগঞ্জ চিডিচিৰ সহকাৰী আয়ুক্ত দেৱসেনা বৰ্মনৰ বিৰুদ্ধে অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে।
ৰাজহ মন্ত্ৰী কেশৱ মহন্তক সম্বোধন কৰা এই অভিযোগ সন্দৰ্ভত তাৎক্ষণিকভাৱে অনুশাসনমূলক ব্যৱস্থা আৰু অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। নাম প্ৰকাশৰ পৰা বিৰত থকা যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পাৰ্থ প্ৰতিম বৰ্মনে ধুবুৰীত যোগদান কৰাৰ কিছু দিনৰ পিছৰ পৰাই এই অসৎ আচৰণ আৰম্ভ কৰিছিল।
আৱেদনখনত উল্লেখ কৰা অনুসৰি বৰ্মনে বাৰে বাৰে পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰি অভিযোগকাৰীক বিয়া কৰাব বুলি আশ্বাস দি ব্যক্তিগত সম্পৰ্কৰ বাবে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগকাৰীয়ে দাবী কৰে যে এই আশ্বাসৰ ভিত্তিত তেওঁৰ সৈতে শাৰীৰি সম্পৰ্ক গঢ়ি তুলিছিল বিষয়াগৰাকীয়ে। কিন্তু তেওঁ পিছত উপলব্ধি কৰিছিল যে সেয়া প্ৰৱঞ্চনা আৰু প্ৰতাৰণা আছিল।
অভিযোগ অনুসৰি, ২০২৫ চনৰ ২১ আগষ্টত বৰ্মন আৰু তেওঁৰ পত্নী দুয়োৱে হোৱাটছএপ কল আৰু মেছেজৰ জৰিয়তে হাৰাশাস্তি, ভয় দেখুৱাই চৰিত্ৰহননৰ ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। অভিযোগকাৰীয়ে কয়, “এই দম্পতীটোৱে কেৱল নিজে ৰক্ষা পৰিবলৈ মোৰ ব্যক্তিগত জীৱন, সুনাম আৰু মৰ্যাদা ধ্বংস কৰাৰ যৌথ ভাবুকি দিছে।”
আবেদনখনত গুৰুত্ব আৰোপ কৰা হৈছে যে দুয়োজন বিষয়াই অভিযোগ দমন কৰি ভুক্তভোগীক নীৰৱ কৰি ৰাখিবলৈ নিজৰ চৰকাৰী মৰ্যাদাৰ অপব্যৱহাৰ কৰিছে। উল্লেখ কৰা অভিযোগসমূহৰ ভিতৰত আছে-
- বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰ অধীনত যৌন শোষণ
- চৰকাৰী বিষয়াৰ অসৎ আচৰণ
- অভিযোগকাৰীক ভয় খুৱাবলৈ চৰকাৰী পদবীৰ অপব্যৱহাৰ
- জনসাধাৰণৰ আস্থা ভংগ আৰু সেৱাৰ নৈতিকতা উলংঘা
অভিযোগকাৰীয়ে নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে ক্ষিপ্ৰ অনুশাসনমূলক আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণৰ আবেদন জনাইছে। যাতে অভিযুক্তসকলে নিজৰ চৰকাৰী প্ৰভাৱৰ লাভ উঠাবলৈ ন্যায়ৰ কাৰ্যত বাধাৰ সৃষ্টি নকৰে।
বিষয়টোক “নাৰীত্বৰ বিৰুদ্ধে, আস্থাৰ পবিত্ৰতাৰ বিৰুদ্ধে আৰু দেশৰ আইনৰ বিৰুদ্ধে অপৰাধ” বুলি অভিহিত কৰি অভিযোগকাৰীয়ে বিভাগীয় মন্ত্ৰীগৰাকীক সম্ভাৱ্য অপৰাধমূলক বিচাৰকে ধৰি বৈধ ব্যৱস্থাৰ জৰিয়তে নজিৰ গঢ়ি তুলিবলৈ আহ্বান জনায়।
এতিয়ালৈকে ৰাজহ বিভাগে কোনো আনুষ্ঠানিক সঁহাৰি দিয়া নাই এই বিষয়ত। অভিযুক্ত বিষয়া দম্পতীয়ে কৰ্তব্যস্থলীত উপস্থিত হোৱাৰ পৰা আঁতৰি থকা বুলি জানিব পৰা গৈছে।