নূপৰৰ ছন্দত বাজিব পাৰে নতুন সুৰ! তিনিদিনৰ বাবে চি এম ভিজিলেঞ্চৰ জিম্মাত নূপুৰ-সুৰজিৎ
দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নূপুৰ বৰা আৰু সুৰজিৎ ডেকাক তিনি দিনৰ বাবে প্ৰেৰণ কৰা হৈছে চি এম ভিজিলেঞ্চৰ জিম্মালৈ। নূপুৰৰ বাসগৃহৰ পৰা অগাধ সম্পত্তি জব্দ কৰিছে তদন্তকাৰী দলে।

আজি আদালতত হাজিৰ কৰোৱা হয় দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাক। কামৰূপ মহানগৰ জিলাৰ বিশেষ সত্ৰ ন্য়ায়াধীশৰ আদালতে দিয়োকে তিনি দিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
দুৰ্নীতিৰ গোচৰত সোমবাৰে নূপুৰ বৰাৰ বাসগৃহত অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাহৰক আৰু তদাৰকী শাখাৰ দলে। সেই অভিযানত বৃহৎ পৰিমাণৰ ধন আৰু আল-অলংকাৰ উদ্ধাৰ কৰা হয়। নূপুৰৰ গোটানগৰৰ ফ্লেটৰ পৰা চি এম ভিজিলেঞ্চে জব্দ কৰে ৮১,৮৩,২০০ টকাৰ লগতে প্ৰায় ২ কোটি টকাৰ সোণৰ আ-অলংকাৰ। ইফালে নূপুৰ বৰাৰ বৰপেটাৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১০,৬৭,২০০ টকা। দুয়োটা বাসগৃহৰ পৰা সৰ্বমুঠ ৯২,৫০,৮০০ টকা জব্দ কৰা বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই।
নূপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল ১৪ ডাল সোণৰ চেইন, ২ ডাল হীৰাৰ নেকলেছ, ১৫ টা হীৰাৰ আঙুঠি, ৩ ডাল হীৰাৰ ব্ৰেছলেট। গুৱাটীত তিনিটা প্লেটৰ লগতে দুঠাইত মাটি আছে এইগৰাকী অৰ্থলোভী বিষয়াৰ। তাৰোপৰি বহু দামী দামী সাজপাৰ উদ্ধাৰ হৈছে তেওঁৰ ফ্লেটৰ পৰা। বিভিন্ন বেংকৰ প্ৰায় ৯ টা একাউন্ট জব্দ কৰিছে চি এম ভিজিলেঞ্চে।
চাকৰিত যোগদান কৰাৰ মাত্ৰ ৬ বছৰতেই নূপুৰ বৰাই গোটাইছিল এই বৃহৎ পৰিমাণৰ সম্পত্তি। তেওঁৰ দৰমহা চাবলৈ গ’লে বৰ্তমানলৈকে তেওঁ দৰমহা হিচাপে গ্ৰহণ কৰিছে ৪৫ লাখ টকা। কিন্তু তেওঁৰ সম্পত্তি আয়ৰ উৎসতকৈ প্ৰায় ৪১৬ গুণ অধিক। ২০১৯ চনত চাকৰিত যোগদান কৰিছিল নূপুৰ বৰাই। তেওঁৰ সৈতে এই দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল সুৰজিৎ ডেকাৰ পৰা অৱশ্যে কোনো ধন জব্দ হোৱা নাই। শুকুৰবাৰে দুয়োকে পুনৰ হাজিৰ কৰোৱা হ’ব আদালতত।