শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ন-প্ৰযুক্তিৰে সমৃদ্ধ হ’ব ভাৰতীয় ৰে’লৱে, চলিব হাইড্ৰ’জেন ৰে’ল

ন-প্ৰযুক্তিৰে সমৃদ্ধ হ’ব ভাৰতীয় ৰে’লৱে, চলিব হাইড্ৰ’জেন ৰে’ল

monjit-dutta
Monjit Dutta | Published: 16 Sep 2025 22:42 PM

ভাৰতীয় ৰে’লৱেই নতুনত্ব সংযোগেৰে ৰে’ল ব্যৱস্থাক অধিক উন্নত তথা আধুনিক ৰূপত গঢ়ি তুলিছে। এতিয়া ভাৰতীয় ৰে’লৱেই এক বিশেষ সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। সেই অনুসৰি দেশত আৰম্ভ হ’ব হাইড্ৰজেন চালিত ৰে’লৰ চলাচল।

দেশৰ পৰিবহণ ব্যৱস্থাত সততে জনসাধাৰণৰ আস্থা জয় কৰি আহিছে ৰে’লৱেই। কম খৰচী আৰু সুচল ব্যৱস্থাৰ বাবে দৈনিক অসংখ্য লোকে ৰে’লৱেক যাতায়তৰ উত্তম মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই নতুনত্ব সংযোগেৰে ৰে’ল ব্যৱস্থাক অধিক উন্নত তথা আধুনিক ৰূপত গঢ়ি তুলিছে। এতিয়া ভাৰতীয় ৰে’লৱেই এক বিশেষ সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। সেই অনুসৰি দেশত আৰম্ভ হ’ব হাইড্ৰজেন চালিত ৰে’লৰ চলাচল।

প্ৰকাশিত খবৰ অনুসৰি হাইড্ৰ’জেন চালিত প্ৰথমখন ৰে’ল নিৰ্মাণৰ দিশত ভাৰতীয় ৰে’লৱেই ইতিমধ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এইদৰে বৰ্তমান ৰে’লৱেত বৈদ্যুতিক আৰু ডিজেল ইঞ্জিনৰ প্ৰচলন হৈ আছে যদিও এতিয়া হাইড্ৰ’জেন ইঞ্জিনৰো অন্তৰ্ভুক্তি হ’ব। এনে পদক্ষেপৰ জৰিয়তে ভাৰতীয় ৰে’লৱেই ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে।