17 September 2025
TV9 ASSAM
নিম গছ বহু ঠাইত সহজে পোৱা যায়। ই ঔষধি গুণৰ ভঁৰাল আৰু বহু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত ফলপ্ৰসূ।
ফোঁহা আৰু পিম্পল, বেক্টেৰিয়া সংক্ৰমণৰ পৰা উপশম পাবলৈ নিম পাত উপকাৰী। তেজৰ চুগাৰ নিয়ন্ত্ৰণতো ইয়াক উপকাৰী বুলি গণ্য কৰা হয়।
মুলতানি মাটি বা চন্দনৰ গুড়িৰ সৈতে নিম পাত মিহলাই মুখত লগালেও পিম্পল আঁতৰোৱাত সহায় কৰে। পৰম্পৰাগতভাৱে ছাল যত্নৰ বাবে নিম পাত ব্যৱহাৰ কৰি অহা হৈছে।
নিম পাতৰ পেষ্ট এটা মূৰৰ ছালত লগালে বেক্টেৰিয়াৰ সংক্ৰমণ কমোৱাত সহায় কৰে। ইয়াৰ ফলত উফি কমি যায়। তদুপৰি যদি মূৰত খজুৱতি অনুভৱ কৰে তেন্তে নিম পাত উতলাই ঠাণ্ডা কৰি সেই পানীৰে চুলি ধুব।
নিমে আপোনাৰ দাঁত উজ্জ্বল কৰাৰ লগতে মুখৰ সমস্যাৰ পৰাও ৰক্ষা কৰিব পাৰে। ইয়াৰ কাঠেৰে দাঁত ব্ৰাছ কৰিলে দাঁত মজবুত কৰি ৰখাত সহায় কৰে।
শুকান নিম পাতৰ ধোঁৱাই মহ আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে। আনহাতে শুকান পাত আলমাৰীত ৰাখিলে আৰ্দ্ৰতা সৃষ্টিকাৰী পোকে কাপোৰত আক্ৰমণ কৰাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে।
পৰম্পৰাগত চিকিৎসাত নিম পাত ব্যৱহাৰ কৰা হয়। ৰাতিপুৱা দুটা বা তিনিটা নিম পাত চোবাই খালে তেজত চুগাৰ বেছি হ'লে উপকাৰী, কিন্তু প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক।
পঢ়িবলৈ ক্লিক কৰক