শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনে, কি উদ্দেশ্যৰে গুলীচালনা কৰিছিল দিশা পাটানিৰ বাসগৃহত? সত্যতা পোহৰলৈ…

দিশাৰ পিতৃ জগদীশে কয়, "মই কথমপি ৰক্ষা পৰিছো। ই অতি ডাঙৰ বিপদ হ'বহেঁতেন। বন্দুকধাৰীয়ে প্ৰায় ১০ৰ পৰা ১২ ৰাউণ্ড গুলী চলাইছে। মোৰ শৰীৰত গুলী লাগিলহেঁতেন।" অভিনেত্ৰীগৰাকীৰ পিতৃয়ে কৈছিল যে, ১৪ ছেপ্টেম্বৰৰ মাজ নিশা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজেই তেওঁক ফোন কৰি সোধা-পোছা কৰে।

কোনে, কি উদ্দেশ্যৰে গুলীচালনা কৰিছিল দিশা পাটানিৰ বাসগৃহত? সত্যতা পোহৰলৈ…
কোনে, কি উদ্দেশ্যৰে গুলী চলাইছিল দিশা পাটানিৰ বাসগৃহত
trishna-kalita
Trishna Kalita | Updated On: 17 Sep 2025 13:35 PM

১২ ছেপ্টেম্বৰ শুকুৰবাৰে পুৱতি নিশা বলীউডৰ অভিনেত্ৰী দিশা পাটানিৰ ঘৰত হঠাৎ গুলীচালনা হয়। জানিব পৰা মতে, দুজন অচিনাক্ত ব্যক্তিয়ে প্ৰায় ১০ৰ পৰা ১২ ৰাউণ্ড গুলীচালনা কৰে। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে। এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণোয়ে। দিশাৰ বৰেলী ঘৰত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে সেই সময়ত দিশা ঘৰত নাছিল।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিশাৰ পিতৃ জগদীশ সিং পাটানীক ফোন কৰি ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে। দিশাৰ পিতৃ জগদীশে কয়, “মই কথমপি ৰক্ষা পৰিছো। ই অতি ডাঙৰ বিপদ হ’বহেঁতেন। বন্দুকধাৰীয়ে প্ৰায় ১০ৰ পৰা ১২ ৰাউণ্ড গুলী চলাইছে। মোৰ শৰীৰত গুলী লাগিলহেঁতেন।” অভিনেত্ৰীগৰাকীৰ পিতৃয়ে কৈছিল যে, ১৪ ছেপ্টেম্বৰৰ মাজনিশা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজেই তেওঁক ফোন কৰি সোধা-পোছা কৰে। কেৱল সেয়াই নহয়, দিশা পাটানীৰ পৰিয়ালৰ নিৰাপত্তাও তেওঁ সুনিশ্চিত কৰিছে বুলি কোৱা হৈছে।

দিশাৰ পিতৃয়ে কয়, “১৪ ছেপ্টেম্বৰৰ মাজ নিশা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ফোন কৰিছিল। যোগীজীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ পৰিয়ালৰ সকলোৰে সুৰক্ষাৰ বিষয়ে সোধা-পোছা কৰে। আৰু কয় যে সমগ্ৰ উত্তৰ প্ৰদেশ আপোনালোকৰ লগত আছে। ইয়াৰ উপৰিও যোগীজীয়ে আমাৰ পৰিয়ালৰ সকলোৰে সুৰক্ষা নিশ্চিত কৰিছে।”

কিন্তু দিশাৰ বাসগৃহক হঠাৎ কিয় টাৰ্গেট কৰি লোৱা হ’ল? এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰি গোল্ডিয়ে দাবী কৰে যে দিশাৰ পৰিয়াল আৰু খুছবু পাটানীয়ে আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধ আচাৰ্যক অপমান কৰিছে। আৰু তেওঁলোকক অপমান কৰা মানে হিন্দু ধৰ্ম আৰু সনাতন ধৰ্মক অপমান কৰা। এই গুলীচালনাৰ দ্বাৰা দিশা আৰু তেওঁৰ পৰিয়ালক সকীয়াই দিয়া হৈছে।

কিছুদিন পূৰ্বে খুছবুৱে ধৰ্মগুৰুসকলক নাৰীবিদ্বেষী বুলি অভিহিত কৰিছিল। আৰু তাৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক। কিছুদিন পূৰ্বে এক অনুষ্ঠানত অনিৰুদ্ধাচাৰ্যই বিবাহৰ পূৰ্বে মহিলাসকলে পুৰুষৰ লগত একেলগে থকা সন্দৰ্ভত কিছু মন্তব্য কৰিছিল। আনকি খুছবুৱে আধ্যাত্মিক নেতাজনক আক্ৰমণ কৰিবলৈও কঠোৰ ভাষা ব্যৱহাৰ কৰিছিল। খুছবুৱে তেওঁক দেশদ্ৰোহী আৰু নপুংসক আখ্যা দিছিল। ঘটনাটোৰ পিছত পৰিয়ালৰ সুৰক্ষাৰ বাবে অভিনেত্ৰীগৰাকীৰ ঘৰৰ বাহিৰত মোতায়েন কৰা হৈছে আৰক্ষীৰ এটা দল ।