17 September 2025
TV9 ASSAM
প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI) মহিলাৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। এই সমস্যা হ'লে কেতিয়াও আওকাণ কৰিব নালাগে।
মহিলাৰ মূত্ৰনলী চুটি হয়, যাৰ ফলত বেক্টেৰিয়া সোনকালে মূত্ৰাশয়ত উপস্থিত হয়। গতিকে পুৰুষতকৈ মহিলাৰ ইউটিআইৰ আশংকা বেছি।
শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত ভালকৈ চাফা নকৰা,লেতেৰা বা ভিজা আণ্ডাৰগাৰ্মেণ্ট পিন্ধা বা প্ৰস্ৰাৱ বহু সময় ধৰি ৰখাৰ ফলত এই সমস্যা হ'ব পাৰে।
পিৰিয়ডৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নোলোৱা আৰু সঘনাই ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিলেও প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
ইয়াৰ লক্ষণবোৰৰ ভিতৰত সঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ জ্বলা-পোৰা বা তীব্ৰ বিষ অনুভৱৰ লগতে প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ ওলাব পাৰে।
ইয়াৰ লগতে প্ৰস্ৰাৱৰ লগত তেজ যাব পাৰে। একেদৰে পেটৰ তলৰ অংশত বিষ আৰু ভাগৰুৱা আৰু মৃদু জ্বৰ হোৱাটো প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ।
মহিলাসকলে প্ৰতিৰোধ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা, কেতিয়াও প্ৰস্ৰাৱ বন্ধ কৰি ৰাখিব নালাগে।
পঢ়িবলৈ ক্লিক কৰক