শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam flood: ভয়াৱহ বান পৰিস্থিতি ! বানত ১.৬০ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত, মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি

Assam flood: বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে, বিশ্বনাথ, লখিমপুৰ, হোজাই, বঙাইগাঁও, নলবাৰী, তামুলপুৰ, উদালগুৰি, দৰং, ধেমাজি, হাইলাকান্দি, কৰিমগঞ্জ, গোৱালপাৰা, নগাঁও, চিৰাং, আৰু কোকৰাঝাৰ। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা । কৰিমগঞ্জৰ প্ৰায় ১,৫২,১৩৩ জন লোক বানৰ কবলত পৰিছে । ইয়াৰ সমান্তৰালভাৱে নগাঁও ৫,২৪৭, কোকৰাঝাৰ ৯০০, বিশ্বনাথ ৮১৮, আৰু নলবাৰীত ৬৭৬ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

Assam flood: ভয়াৱহ বান পৰিস্থিতি ! বানত ১.৬০ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত,  মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি
অসমৰ বানপানী
manas-borah
Manas Borah | Published: 19 Jun 2024 10:50 AM

নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ হৈ পৰিছে অসমৰ বান পৰিস্থিতি । যোৱা ২৪ ঘণ্টাত বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যা ১,৬১,২০৯ জনলৈ বৃদ্ধি পাইছে । সমান্তৰালভাৱে হাইলাকান্দি জিলাত আৰু ১ জন লোকৰ মৃত্যুৰ হোৱা খবৰো লাভ কৰা গৈছে । ইয়াৰ লগে লগে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ ১৫ খন জিলাৰ ২৮টা ৰাজহ চক্ৰৰ ৪৭০খন গাঁও বানৰ কবলত পৰিছে ।

বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে, বিশ্বনাথ, লখিমপুৰ, হোজাই, বঙাইগাঁও, নলবাৰী, তামুলপুৰ, উদালগুৰি, দৰং, ধেমাজি, হাইলাকান্দি, কৰিমগঞ্জ, গোৱালপাৰা, নগাঁও, চিৰাং, আৰু কোকৰাঝাৰ। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা । কৰিমগঞ্জৰ প্ৰায় ১,৫২,১৩৩ জন লোক বানৰ কবলত পৰিছে । ইয়াৰ সমান্তৰালভাৱে নগাঁও ৫,২৪৭, কোকৰাঝাৰ ৯০০, বিশ্বনাথ ৮১৮, আৰু নলবাৰীত ৬৭৬ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

নগাঁও জিলাৰ কপিলী নদীৰ বাঢ়নীপানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । যাৰ ফলত জিলাখনত বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে ।

ইফালে কৰিমগঞ্জ জিলাত ২৭ টা সাহায্য শিবিৰত প্ৰায় ৫,১১৪ জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে । লগতে ১৭,৯৩৫ জন লোকে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সাহায্য বিতৰণ কেন্দ্ৰত আশ্ৰয় গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও ৯৩,৮৯৫ টা জীৱ-জন্তু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে, বিশ্বনাথ, দৰং, লখিমপুৰ, তামুলপুৰ, আৰু উদালগুৰি জিলাৰ ৮ টা পথ বানে ক্ষতিগ্ৰস্ত কৰাৰ খবৰ লাভ কৰা গৈছে । তদুপৰি লখিমপুৰত ২ টাকৈ মথাউৰি বানে ভাঙি নিয়াৰ লগতে বিশ্বনাথত ৫ টা মথাউৰিৰ বানে ক্ষতি কৰিছে ।

কামৰূপ, কামৰূপ (মেট্ৰ’), আৰু কোকৰাঝাৰ জিলাতো নগৰীয়া বানৰ ফলত সাধাৰণ লোকৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । নগৰীয়া বানত কোকৰাঝাৰত ৫৩২ জন লোক ক্ষতিগ্ৰস্ত হৈছে । ইফালে ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বামুণীমৈদাম, চান্দমাৰী, অনুৰাধা, গান্ধী বস্তি আদি অঞ্চলত কৃত্ৰিম বান সৃষ্টি হোৱা দেখা যায় । দিছপুৰৰ ছিজুবাৰী, হাতীগাওঁ, ৰুক্মিনিগাঁও মনছা মন্দিৰ পথ, এছ বি আইৰ সমীপৰ কাহিলীপাৰা, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, বাইলান নং- ০৯ ৰূপকোঁৱৰ পথ আদিত পানী জমা হোৱাৰ ফলত বিঘ্নিত হৈ পৰিছে স্বাভাৱিত জীৱন যাত্ৰা ।