জেঠমহীয়া বানত জুৰুলা অসম! ক’ত কিমান ক্ষতি হ’ল, কিমানজনে হেৰুৱালে প্ৰাণ? সবিশেষ জানক…
দেওবাৰৰ দিনটোত অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতি। ১ জুনত ১৯খন জিলাৰ লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাচাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলঙত ৩.৬৪ লাখ লোকে ক্ষতিগ্ৰস্ত হৈছে।

নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে উত্তৰ-পূব। IMD-এ কৰা পূৰ্বানুমান অনুসৰি ৫ জুনলৈকে উত্তৰ-পূবত অব্যাহত থাকিব বৰষুণ । ৪ জুনলৈকে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিচ্ছিন্ন স্থানসমূহৰ ওপৰত ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে IMD-এ। অৰুণাচল, অসম, আৰু মেঘালয়তো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত উত্তৰ-পূবৰ বানপীড়িত অঞ্চলসমূহলৈ সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে অসম, ছিকিম, আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতেও বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।
অসমত বান-ভূমিস্খলনত এতিয়ালৈ ৮জনৰ মৃত্যু হৈছে। বানত ৩জনৰ মৃত্যু আৰু ভূমিস্খলনত মৃত্যু হৈছে ৫জনৰ। গোলাঘাটত বানৰ কবলত পৰি শিশুসহ দুজনৰ মৃত্যু। লখিমপুৰত বানৰ কবলত পৰি এজনৰ মৃত্যু। দেওবাৰৰ দিনটোত বানৰ বাবে শ্ৰীভূমি আৰু কাছাৰ জিলাত ১ জনকৈ লোকৰ মৃত্যু হৈছে। আজি বান পৰিস্থিতিৰ বুজ ল’বলৈ লখিমপুৰলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মহানগৰীত ভূমিস্খলনত নিহত লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি শ্ৰীভূমি জিলাত এজন লোক বাঢ়নি পানীত উটি যোৱাৰ বিপৰীতে কাছাৰ জিলাত পানীত পৰি এটি শিশুৱে প্ৰাণ হেৰুৱাইছে। দেওবাৰৰ দিনটোত অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতি। ১ জুনত ১৯খন জিলাৰ লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাচাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলঙ জিলাত মুঠ ৩.৬৪ লাখ লোকে ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰিছে ২.৩ লাখ পশুধন। বানৰ কোবাল সোঁতত উটি গৈছে ৬৯৬টা জন্তু।
কাছাৰ জিলাত ১ লাখতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে শ্ৰীভূমিত ৮৩ হাজাৰতকৈ অধিক, নগাঁৱত ৬২ হাজাৰ, লখিমপুৰত ৪৬ হাজাৰ, তিনিচুকীয়াত ১৯ হাজাৰ, ডিব্ৰুগড়ত ১০ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে। বানৰ কবলত পৰিছে ৩৫২৪ হেক্টৰ শস্য ক্ষেত্ৰ সামৰি ৫৬টা ৰাজহ চক্ৰৰ অধীনত ৭৬৪খন গাঁও। ক্ষতিগ্ৰস্ত হৈছে ৯৬৯টা বাসস্থান। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ আৰু ৩ জুনত বন্ধ ৰখা হৈছে শ্ৰীভূমি জিলাৰ সকলো শিক্ষানুষ্ঠান।
ইফালে বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ১৫৫টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰত ৫৫ হাজাৰৰো অধিক লোকে আশ্ৰয় লোৱাৰ বিপৰীতে বায়ুসেনা, এনডিআৰএফ, এছডিআৰএফ, অগ্নি আৰু জৰুৰীকালীন সেৱা, অসামৰিক প্ৰতিৰক্ষা আৰু স্থানীয় প্ৰশাসনে বানাক্ৰান্ত অঞ্চলত ৫০০ৰো অধিক লোকক উদ্ধাৰ কৰিছে। ইফালে মণিপুৰত সেনা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াৰ সৈতে ১৫০০ৰো অধিক লোকক উদ্ধাৰ কৰি সাহায্য সামগ্ৰী যোগান ধৰিছে অসম ৰাইফলছে ।