শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমৰ উচ্ছেদকলৈ পুনৰ বিস্ফোৰক অভিযোগ আৰ্ছাদ মাদানীৰ, এইবাৰ CJI ৰ হস্তক্ষেপৰ আহ্বান জমিয়তৰ

সংগঠনটোৰ মুখ্য কাৰ্যালয়ত মৌলানা আৰ্ছাদ মাদানীৰ সভাপতিত্বত জমিয়ত উলেমা-ই-হিন্দৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। য'ত অসমৰ উচ্ছেদকলৈ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে মাদানীয়ে। লগতে বিষয়টোত CJI ৰ হস্তক্ষেপৰ আহ্বান সংগঠনটোৰ।

অসমৰ উচ্ছেদকলৈ পুনৰ বিস্ফোৰক অভিযোগ আৰ্ছাদ মাদানীৰ, এইবাৰ CJI ৰ হস্তক্ষেপৰ আহ্বান জমিয়তৰ
অসমৰ উচ্ছেদ
manas-borah
Manas Borah | Updated On: 01 Sep 2025 23:45 PM

অসমত উচ্ছেদৰ জৰিয়তে মুছলমানক লক্ষ্য কৰি লোৱাৰ অভিযোগ পুনৰ উত্থাপন কৰিছে জমিয়ত উলেমা-ই-হিন্দে। ইয়াৰ লগতে ৰাজ্য চৰকাৰ এই পদক্ষেপক “অবৈধ অভিযান” বুলি অভিহিত কৰি বিষয়টোত হস্তক্ষেপ কৰিবলৈ ভাৰতৰ মুখ্য ন্যায়াধীশক আহ্বান জনাইছে জমিয়তে। একে সময়তে এই কাৰ্যত জড়িত সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইক আহ্বান জনাইছে সংগঠনটোৱে।

জমিয়তৰ সভাপতি মৌলানা আৰ্ছাদ মাদানীয়ে অসমত চলি থকা উচ্ছেদ অভিযানক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ দাবী কৰিছে যে, কেৱল ধৰ্মৰ ভিত্তিত বুলডজাৰেৰে “৫০ হাজাৰৰো অধিক মুছলমান পৰিয়াল”ক লক্ষ্য কৰি লোৱা হৈছে। সংগঠনটোৰ মুখ্য কাৰ্যালয়ত মৌলানা আৰ্ছাদ মাদানীৰ সভাপতিত্বত জমিয়ত উলেমা-ই-হিন্দৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় বুলি জমিয়তৰ এক বিবৃতিত প্ৰকাশ কৰা হৈছে।

বিবৃতি কোৱা হৈছে যে, বৈঠকত অংশগ্ৰহণকাৰীসকলে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰি সাম্প্ৰদায়িকতা, উগ্ৰবাদ, অৱনতি ঘটা আইন-শৃংখলা, সংখ্যালঘু বিশেষকৈ মুছলমানসকলৰ বিৰুদ্ধে ধৰ্ম ভিত্তিক বৈষম্যৰ অভিযোগ উত্থাপন কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে।

লগতে বিবৃতিটোত কোৱা হৈছে যে, “ৱৰচিপ এক্ট থকাৰ পিছতো মাদ্ৰাছা আৰু মছজিদৰ বিৰুদ্ধে চলি থকা অভিযানক লৈও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে। আৰু বিশেষকৈ অসমত চলি থকা উচ্ছেদক ​​লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সংগঠনটোৱে, য’ত কেৱল ধৰ্মৰ ভিত্তিত ৫০ হাজাৰৰো অধিক মুছলমান পৰিয়ালক বুলডজাৰেৰে লক্ষ্য কৰি লোৱা হৈছে।”

বৈঠকত ভাষণ দি মাদানীয়ে অসমৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি কয় যে, কিছুদিনৰ পৰা “মুছলমান জনবসতিপূৰ্ণ অঞ্চলসমূহক লক্ষ্য কৰি তাৰ বাসিন্দাসকলক বলপূৰ্বকভাৱে স্থানচ্যুত কৰি পৰিকল্পিত অভিযান চলি আছে”। তেওঁ কয় যে, “কেৱল মুছলমান বসতিস্থলতে বুলডজাৰ চলোৱা নাই, এই কাৰ্যই অসমত সংবিধান আৰু আইনৰ শাসনক উপলুঙা কৰা হৈছে।”

“এয়া এক নিন্দনীয় কাৰ্য আৰু ৰাজনৈতিক আৰু ধৰ্মীয় উদ্দেশ্যেৰে পৰিচালিত। মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰা হৈছে, যিটো পৰিস্থিতিত দেশৰ প্ৰতিজন ন্যায়ৰ পক্ষত থকা নাগৰিকে গৰিহণা দিছে। তথাপিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সংবিধান বা আইনৰ প্ৰতি কোনো গুৰুত্ব নাই, ন্যায়পালিকাৰ প্ৰতিও কোনো ভয় নাই যেন লাগে।” তেওঁ এইদৰে অভিযোগ উত্থাপন কৰে।

মাদানীয়ে কয়, “শেহতীয়া অভিযানৰ অধীনত কেৱল ধৰ্মৰ ভিত্তিত প্ৰায় ৫০ হাজাৰ পৰিয়ালক স্থানচ্যুত কৰা হৈছে। ইয়াক লৈ জমিয়ত উলেমা-ই-হিন্দে কেৱল তীব্ৰ উদ্বেগ প্ৰকাশ কৰাই নহয়, ভাৰতৰ মুখ্য ন্যায়াধীশক এই বিষয়টোৰ প্ৰতি ছুঅ’ মটু ন’টিচ গ্ৰহণ কৰাৰ লগতে এই অভিযানৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।”