শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি ! বেদখলৰ কৱলত হাজাৰ হাজাৰ বিঘা জলাশয়, চৰকাৰী প্ৰতিবেদনত প্ৰকাশ…

ৰাজ্য প্ৰায় ২০ খন জিলাৰ ৬৩,১৬৩ বিঘা জলাশয় এতিয়া বেদখলৰ কৱলত। সৰ্বাধিক বেদখল হৈছে দৰং জিলাত। চৰকাৰী প্ৰতিবেদনত প্ৰকাশ।

ৰাজ্যৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি ! বেদখলৰ কৱলত হাজাৰ হাজাৰ বিঘা জলাশয়, চৰকাৰী প্ৰতিবেদনত প্ৰকাশ…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 11 Aug 2025 18:09 PM

অসমৰ বেদখল সমস্যা এতিয়া জলন্ত সমস্যাত পৰিণত হৈছে! কেৱল যে বনাঞ্চল আৰু চৰকাৰী ভূমিত বেদখল হৈছে, তেনে নহয়! বেদখলৰ কৱলত এতিয়া অসমৰ জলাশয়সমূহ। এই কথা আমি কোৱা নাই, চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পাইছে। বেদখল হোৱা ভূমিৰ ওপৰত চৰকাৰে প্ৰস্তুত কৰা ২০২৩ চনৰ প্ৰতিবেদনৰ ভিত্তিত চেণ্টিনেলে প্ৰকাশ কৰাৰ এক খবৰ অনুসৰি, ৰাজ্য প্ৰায় ২০ খন জিলাৰ ৬৩,১৬৩ বিঘা জলাশয় এতিয়া বেদখলৰ কৱলত।

কোন জিলাৰ কিমান বিঘা জলাশয় ভূমিত হৈছে বেদখল?

প্রতিবেদনত উল্লেখ কৰা হৈছে যে, দৰং জিলাত সৰ্বাধিক জলাশয় বেদখলৰ কৱলত পৰিছে। জিলাখনৰ ১৫,২৩৪ বিঘা জলাশয়ত হৈছে বেদখল। ইয়াৰ পাছতে আছে ধুবুৰী জিলা,য’ত ১৩,৯২৭ বিঘা জলাশয়ত হৈছে বেদখল আৰু শোণিতপুৰ জিলা ৯,৫২৩ বিঘা জলাশয় বেদখলৰ কৱলত।

ইফালে, বৰপেটাত ৮২৮ বিঘা,মাজুলীত ৭৭ বিঘা, দক্ষিণ শালমাৰা-মানকাচৰত ৭০০ বিঘা, বঙাইগাঁৱত ২,৭৬৩ বিঘা, কাছাৰত ৩০ বিঘা, চৰাইদেউত ১০০ বিঘা, গোলাঘাটত ৮১ বিঘা, হাইলাকান্দিত ৯৯ বিঘা, যোৰহাটত ১,০৭৪ বিঘা, কামৰূপত ৩৮৯ বিঘা, কৰিমগঞ্জত ৩ বিঘা, মৰিগাঁৱত ৫,৫৯৪ বিঘা, শিৱসাগৰত ৩১০ বিঘা, নগাঁৱত ৮,৫৬০ বিঘা, বিশ্বনাথত ১,৬৬৫ বিঘা, ডিব্ৰুগড়ত ১,১২৯ বিঘা আৰু কামৰূপ (মেট্ৰ’)ত ১,০৯৮ বিঘা জলাশয় ভূমি বেদখলৰ কৱলত পৰিছে৷

এই তথ্যই প্ৰকৃতি প্ৰেমীৰ লগতে সচেতন লোকক আচৰিত কৰি তুলিছে। কিয়নো এই জলাশয়সমূহে ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ ধৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। একে সময়তে ক্ষন্তেকীয়া বান ৰোধৰ ক্ষেত্ৰত এই জলাশয়সমূহৰ গুৰুত্ব আছে। জলাশয়বোৰ পৰিভ্ৰমী চৰাইৰ ঘৰ হোৱাৰ উপৰিও বিভিন্ন প্ৰজাতিৰ জলজ প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান।

ৰে’লৱেৰ ভূমিত বেদখল

প্ৰতিবেদনত এই তথ্যও দিয়া হৈছে যে, ৰাজ্যখনত প্ৰায় ৬২,৪৩৬ বিঘা ৰে’লৱেৰ মাটিত হৈছে বেদখল। য’ত নেকি দেখা গৈছে যে, ধুবুৰী জিলাত সৰ্বাধিক ৰে’লৱেৰ ভূমিত বেদখল হৈছে। জিলাখনৰ ৬১,৪৯৪ ৰে’লৱেৰ ভূমিত হৈছে বেদখল । কামৰূপ (মেট্ৰ’)জিলাত ২০০ বিঘা আৰু কামৰূপ জিলাত ১২৭ বিঘা ৰে’লৱেৰ ভূমি বেদখল কৱলত পৰিছে।