শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বন্ধ থাকিব বেংক, সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ! মে’ মাহৰ এই দুটা দিনত চৰকাৰী বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

এই দুয়োটা দিনতে ৰাজ্যৰ সকলো বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। এন আই এক্টৰ অধীনত এই দুয়োটা দিনত চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য় চৰকাৰে ।

বন্ধ থাকিব বেংক, সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ! মে’ মাহৰ এই দুটা দিনত চৰকাৰী বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ
প্ৰতীকী ফটো
Manas Borah
Manas Borah | Published: 12 Apr 2025 12:08 PM

অহা মে’ মাহৰ দুটা দিনত চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য় চৰকাৰে । এই দুয়োটা দিনতে ৰাজ্যৰ সকলো বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। এন আই এক্টৰ অধীনত এই দুয়োটা দিনত চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য় চৰকাৰে ।

উল্লেখ্য যে, অহা ২ আৰু ৭ মে’ত দুটা পর্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাকেইখনত অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰিছে ৷ শুকুৰবাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি, এন আই এক্টৰ অধীনত এই দিন দুটাত ভোটগ্ৰহণ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনী এলেকাত অৱস্থিত বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

২ মে’ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত বন্ধ থাকিব সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। এই জিলা কেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি ।

ইফালে, ৭ মে’ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ১৩ খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে । জিলা কেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।

মনকৰিবলগীয়া যে, ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰত ২৭ খন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । কাৰণ ৰাজ্যৰ আন ৭ খন জিলা সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত আছে, য’ত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হয়।