শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজ্যজুৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী, এদিনতে কমেও ১০ হাজাৰ লোকৰ যোগদান

সোমবাৰৰ দিনটোত জিলাই জিলাই অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। এই উপলক্ষে অনুষ্ঠিত সভাত বিভিন্ন দল-সংগঠনৰ প্ৰায় ১০ হাজাৰ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে বুলি প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা এই বিবৃতি কোৱা হৈছে।

ৰাজ্যজুৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী, এদিনতে কমেও ১০ হাজাৰ লোকৰ যোগদান
Manas Borah
Manas Borah | Updated On: 10 Nov 2025 20:04 PM

১০ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। এই কথা পুনৰ স্পষ্ট কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সংসদ গৌৰৱ গগৈয়ে। উল্লেখ্য যে,  আজি সোমবাৰৰ দিনটোত জিলাই জিলাই অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। এই উপলক্ষে অনুষ্ঠিত সভাত বিভিন্ন দল-সংগঠনৰ প্ৰায় ১০ হাজাৰ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে বুলি প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা এই বিবৃতি কোৱা হৈছে।

সোমবাৰে তিনিচুকীয়াৰ ফিল’বাৰীত আয়োজিত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই সভাত তিনিচুকীয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ মৰাণকে ধৰি জিলাখনৰ একাংশ বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। দলটোৱে প্ৰকাশ এক বিবৃতি কোৱা হৈছে যে,তিনিচুকীয়াৰ ফি’লবাৰীত আয়োজিত সভাত বিভিন্ন দল-সংগঠনৰ প্ৰায় ১০০০ লোকে কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰে।

ইফালে, গুৱাহাটী মহানগৰত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত যোগদান কাৰ্যসূচীত শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ৰিপুণ বৰা, ভূপেন বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ উপস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেবাজনো অধিবক্তা, বিজেপি দলৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা সদস্য আৰু জ্যেষ্ঠ নাগৰিকে কংগ্ৰেছত যোগদান কৰে।

একেদৰে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, কামৰূপ গ্ৰাম্য জিলাতো সোমবাৰে শ শ লোকে কংগ্ৰেছ দলত যোগদান কৰে। সাংসদ ৰকিবুল হুছেইনৰ আহ্বানত ধুবুৰী জিলাতো আজি কেবাশ লোকে কংগ্ৰেছ দলত যোগদান কৰে। একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাতো বিজেপি দলৰ নেতা-কৰ্মীৰ লগতে আন দলৰ বহু নেতাই কংগ্ৰেছ দলত যোগদান কৰে।

বৰপেটা জিলাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কেবাশ লোকে কংগ্ৰেছত যোগদান কৰে। একেদৰে বিয়লিৰ ভাগত নলবাৰীত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ উদ্যোগিত আয়োজিত সভাত কেবাশ লোকে দলত যোগদান কৰে।

শোণিতপুৰ জিলাত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বিধায়িকা শিৱামণি বৰাৰ তত্ৱাৱধানত প্ৰায় ২০০ লোকে কংগ্ৰেছত যোগদান কৰে। দৰং আৰু ওদালগুৰি জিলাতো কেবাশ লোকে কংগ্ৰেছ দলত যোগদান কৰে। ৰাজ্যখনৰ ৩৫খন জিলাৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰায় ৯৫০০ লোকে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি বিবৃতিটোত দাবী কৰা হৈছে। গোৱালপাৰা, বঙাইগাঁও, দক্ষিণ শলমাৰা-মানকাছাৰ, বাক্সা আদি জিলাসমূহতো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কংগ্ৰেছ দলত বহু লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে।

এইলৈ তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে, “আমি কথা দি কথা ৰাখিলো।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত যি কয় অসমৰ ৰাইজে সেয়া বিশ্বাস নকৰে বুলি উল্লেখ কৰি গগৈয়ে কয়, “১০ ছেপ্টেম্বৰত আমি ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ১০ অক্টোবৰত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত বিজেপি দল আৰু চৰকাৰৰ প্ৰতি আশা ভংগ হৈ হাজাৰ হাজাৰ লোকে কংগ্ৰেছ দলত যোগদান কৰিব বিচাৰিলে আৰু সেইবাবে আমি জিলাই জিলাই যোগদানৰ কাৰ্যসূচী আৰম্ভ কৰিবলগীয়া হ’ল।” গগৈয়ে লগতে কয় যে অহা ১০ ডিচেম্বৰতো পুনৰ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।